গহপুৰৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ১ নং লক্ষীপুৰৰ ৰাজগড়ত গুলীচালনাৰ ঘটনা ৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাটোত গোৰ্খা সম্প্ৰদায়ৰ প্ৰদীপ চুব্বা নামৰ এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এজন গুৰুতৰভাৱে আহত হয় ৷ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা যুৱকজন ৰাজ চুব্বা বুলি জানিব পৰা গৈছে ৷জানিব পৰা মতে পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবেই সংঘটিত হয় এই ঘটনা ৷ হস্তনিৰ্মিত বন্দুকৰে খুলশালী প্ৰদীপক গুলীওৱাত তেওঁ থিতাতে নিহত হয় । লগতে ভিনিয়েকৰ দাৰ ঘাপত ৰাজ চুব্বা গুৰুত্বভাৱে আহত । ৰাজক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ।
