উন্নত শল্য চিকিৎসা সেৱাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত (জি এম চি এইচ) ৰবটিক ছাৰ্জাৰীৰ উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ বাবে অসম চৰকাৰে আজি গ্ল’বেল হেল্থ লিমিটেড, মেদান্তৰ সৈতে এক বুজাবুজিৰ চুক্তি (এম অ’ ইউ) স্বাক্ষৰ কৰে।
এই অংশীদাৰিত্বই জি এম চি এইচলৈ বিশেষ প্ৰশিক্ষণ, সামৰ্থ্য বৃদ্ধি, জ্ঞানৰ অংশীদাৰিত্ব, কাৰিকৰী বিশেষজ্ঞতা আৰু ক্লিনিকেল এস্কেলেচন পথ আনিব। অহা ৬ৰ পৰা ১২ মাহৰ ভিতৰত একাধিক বিভাগত ৰবটিক পদ্ধতি সম্প্ৰসাৰিত হোৱাৰ আশা কৰা হৈছে।
মেদান্তই উদীয়মান প্ৰযুক্তি আৰু প্ৰমাণ-ভিত্তিক পদ্ধতিৰ ওপৰত নিৰন্তৰ পৰামৰ্শমূলক সহায় আগবঢ়াব, যৌথ ফলাফল নিৰীক্ষণ আৰু গুণগত নিশ্চয়তাৰে জি এম চি এইচক ৰবটিক অস্ত্ৰোপচাৰৰ বাবে এক আগশাৰীৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে স্থান দিয়াত সহায় কৰিব।
অসম চৰকাৰৰ হৈ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত আৰু সচিব ড° সিদ্ধাৰ্থ সিঙে আৰু মেদান্তৰ হৈ বিপণনৰ ডি জি এম বিশ্বজিৎ ডেকাই এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। মেদান্তৰ হৈ বিপণনৰ এ জি এম জয়ন্ত কলিতা আৰু উত্তৰ-পূব ভাৰত কৌশলৰ ৰোহন আব্ৰাহামেও প্ৰতিনিধিত্ব কৰে।
