অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ (APCC) সভাপতি, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত আজিৰে পৰা আৰম্ভ হোৱা তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন ‘ভাৰত সন্মিলন ২০২৬ – এখন নতুন পৃথিৱী গঢ়াৰ দিশত’ (Bharat Summit 2026 – Forging a New World) লৈ আমন্ত্ৰণ জনোৱা হৈছে। এই সন্মিলন ১৪ নৱেম্বৰলৈকে চলিব।
হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত এই বৃহৎ গোলকীয় মঞ্চত প্ৰায় ৭০খন দেশৰ প্ৰায় ১,০০০ প্ৰতিনিধি, বিশিষ্ট ৰাজনৈতিক নেতা, নীতি নিৰ্ধাৰক আৰু প্ৰগতিশীল চিন্তাবিদ একত্ৰিত হৈছে। এখন নতুন বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজিত এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰিছে। এই তালিকাত অসমৰ সাংসদ গৌৰৱ গগৈৰ নাম দ্বিতীয় স্থানত থকাটো ৰাজ্যখনৰ ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।
ৰাহুল গান্ধী আৰু গৌৰৱ গগৈৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ আন কেইবাজনো জ্যেষ্ঠ তথা প্ৰভাৱশালী নেতা এই সন্মিলনত উপস্থিত আছে। ইয়াৰ ভিতৰত বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটিৰ অধ্যক্ষ তথা তিৰুৱনন্তপুৰমৰ সাংসদ ড° শশী থাৰুৰ, প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছলমান খুৰ্ছিদ, এআইচিচিৰ সাধাৰণ সম্পাদক তথা ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলট, গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটিৰ অধ্যক্ষ তথা কোৰাপুটৰ সাংসদ সপ্তগিৰি শংকৰ উলাকা, কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্মৰ অধ্যক্ষ সুপ্ৰিয়া শ্ৰীনেট, ৰাজ্যসভাৰ সাংসদ তথা এআইচিচিৰ মিডিয়া আৰু পাব্লিচিটি বিভাগৰ অধ্যক্ষ পৱন খেৰা, কাৰুৰৰ সাংসদ এছ. জোথিমানি আৰু কংগ্ৰেছ কাৰ্যকৰী কমিটিৰ সদস্য গুৰদীপ সিং ছাপ্পাল অন্যতম।
সমগ্ৰ বিশ্বৰ প্ৰগতিশীল কণ্ঠস্বৰসমূহক একেখন মঞ্চত একত্ৰিত কৰাৰ উদ্দেশ্যে আয়োজিত এই সন্মিলনত কেইবাজনো প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধান, মন্ত্ৰী আৰু বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। গোলকীয় নেতাসকলৰ তালিকাত দক্ষিণ কোৰিয়াৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা চুং ইউ-য়ং, আমেৰিকাৰ ডেম’ক্ৰেটিক নেচনেল কমিটিৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক তথা দক্ষিণ আফ্ৰিকাত আমেৰিকাৰ প্ৰ প্রাক্তন ৰাষ্ট্ৰদূত পেট্ৰিক গেছপাৰ্ড, জাকাৰ্টাৰ প্ৰাক্তন গভৰ্ণৰ তথা ২০২৪ চনৰ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আনিছ বাছৱেদান, নেদাৰলেণ্ডৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন উপ-মহাসচিব বাৰ্ট কোৱেণ্ডাৰ্ছ আৰু পৰ্তুগালৰ প্ৰাক্তন মন্ত্ৰী ড° মাৰিয়া জোয়াও ৰড্ৰিগেছ আদি অন্তৰ্ভুক্ত। আন উল্লেখযোগ্য অংশগ্ৰহণকাৰীসকলৰ ভিতৰত জাপানৰ ডেম’ক্ৰেটিক ৰিফৰ্ম পাৰ্টিৰ সভাপতি জুনিয়া ওগাৱা, থাইলেণ্ডৰ প্ৰগতিশীল আন্দোলনৰ অধ্যক্ষ থানাথৰ্ন জুয়াংৰুংৰুয়াংকিট, দক্ষিণ আফ্ৰিকাৰ সংসদৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক কমিটিৰ অধ্যক্ষ সুপ্ৰা মাহুমাপেলো, ব্ৰাজিলৰ ৱৰ্কাৰ্ছ পাৰ্টিৰ সভাপতি এডিনহো ছিলভা আৰু আইভৰী ক’ষ্টৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পাস্কেল আফি এন’গুৱেছান অন্যতম।
তিনিদিন ধৰি চলিবলগীয়া এই সন্মিলনত ছটা মূল বিষয় আৰু বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ ওপৰত কেইবাখনো পেনেল আলোচনা অনুষ্ঠিত হ’ব। ‘ৰাজনৈতিক ন্যায়, গণতন্ত্ৰ, নেটৱৰ্ক আৰু প্ৰগতিশীলতা’ শীৰ্ষক বিষয়ৰ অধীনত অনুষ্ঠিত হ’বলগীয়া অধিবেশনসমূহত নতুন বিশ্ব ব্যৱস্থাত সহযোগিতা আৰু জবাবদিহিতাৰ ওপৰত আলোচনা কৰা হ’ব। আনহাতে ‘অৰ্থনৈতিক ন্যায়’ৰ অধীনত বৈষম্য, নতুন ৰাজনৈতিক অৰ্থনীতি, বিশ্বৰ বাবে এক নতুন অৰ্থনৈতিক চুক্তি আৰু গোলকীয় দক্ষিণ (Global South) তথা জলবায়ু পৰিৱৰ্তনৰ দৰে বিষয়সমূহ পৰীক্ষা কৰা হ’ব। একেদৰে ‘সামাজিক ন্যায় আৰু জনশক্তি’ৰ অধীনত কাইলৈৰ যুৱপ্ৰজন্ম আৰু ৰাজনীতি, লিংগ ন্যায় আৰু এক নাৰীবাদী ভৱিষ্যতৰ লগতে প্ৰগতিশীলসকলৰ বাবে উদ্ভাৱনীমূলক ধাৰণাসমূহৰ ওপৰত বিশেষ পেনেল আলোচনা কেন্দ্ৰীভূত হ’ব।
প্ৰযুক্তি, ক্লাউড কেপিটেলিজম আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) তথা সংবাদ মাধ্যমৰ ভৱিষ্যতৰ দৰে সমসাময়িক বিষয়সমূহৰ ওপৰতো বিশেষ অধিবেশনৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰিও ‘নিৰাপত্তা, বহুপাক্ষিকতা আৰু ভূ-ৰাজনীতি’ৰ অধীনত বিশ্বৰ নেতাসকলে বহুপাক্ষিক প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ আৰু নতুন বিশ্ব ব্যৱস্থাত শান্তি প্ৰতিষ্ঠাৰ বিষয়ে মত বিনিময় কৰিব। সন্মিলনৰ সময়ত ‘ভাৰত আৰু বিশ্ব’ শীৰ্ষক এক বিশেষ পূৰ্ণাংগ অধিবেশনো অনুষ্ঠিত হ’ব। এখন অধিক ন্যায়সংগত আৰু অন্তৰ্ভুক্তিমূলক পৃথিৱী গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজিত এই গোলকীয় সন্মিলনত গৌৰৱ গগৈৰ অংশগ্ৰহণে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণকাৰী মঞ্চত অসমৰ প্ৰতিনিধিত্বক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
