অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে দহিছে সাধাৰণ জনতাক। ঘৰুৱা চিলিণ্ডাৰৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ১৮ মাৰ্চত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সমগ্ৰ ৰাজ্যজুৰি এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে “অযুক্তিকৰ অৰ্থনৈতিক বোজা” জাপি দিয়াৰ অভিযোগ তুলিছে বিৰোধী দলটোৱে।
এপাচিচিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই এক জাননীৰ জৰিয়তে ১৯ মাৰ্চত অসমৰ প্ৰতিখন জিলাতে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নিৰ্দেশ দিয়ে। এই প্ৰতিবাদী কাৰ্যসূচীসমূহ বিশেষকৈ বজাৰ এলেকা আৰু ৰাজহুৱা স্থানত অনুষ্ঠিত কৰা হ’ব যাতে সৰ্বসাধাৰণ ৰাইজৰ অংশগ্ৰহণ বৃদ্ধি পায়। ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ নাটনিৰ বিষয়টোও কংগ্ৰেছে এই আন্দোলনৰ জৰিয়তে উত্থাপন কৰিব।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলক সক্ৰিয় কৰি তোলা হৈছে। শেহতীয়া মূল্যবৃদ্ধিয়ে মধ্যবিত্তৰ বাজেটত বিৰূপ প্ৰভাৱ পেলোৱা বুলি দাবী কৰি এপাচিচিয়ে কয় যে চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে। এই সন্দৰ্ভত দলটোৱে জিলা গোটসমূহক প্ৰতিবাদী প্লে-কাৰ্ডো বিতৰণ কৰিছে।
চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানে এতিয়া ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত কৰি তুলিছে। মূল্যবৃদ্ধি হ্ৰাস নকৰালৈকে এই গণতান্ত্ৰিক যুঁজ অব্যাহত ৰখাৰো হুংকাৰ দিছে কংগ্ৰেছ নেতৃত্বই।
