গৰিমা শইকীয়া গাৰ্গৰ স্বাস্থ্যৰ বৰ্তমান অৱস্থা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে চিকিৎসক ডাঃ হিতেশ বৰুৱাই। সংবাদমেলত গৰিমাক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ স্থানান্তৰ কৰাৰ কথা সদৰী কৰে চিকিৎসকগৰাকীয়ে।
সংবাদমেলত চিকিৎসক ডাঃ হিতেশ বৰুৱাই জানিবলৈ দিয়া অনুসৰি, গৰিমা শইকীয়া গাৰ্গে চিকিৎসকৰ সৈতে কথা পাতোঁতে হতাশ মনেৰে কৈছিল, “মই হয়তো জীয়াই নাথাকিম!”গৰিমাৰ এই মন্তব্যই তেওঁৰ বৰ্তমানৰ মানসিক অৱস্থাৰ এক উদ্বেগজনক ছবি দাঙি ধৰিছে।
ইফালে, গৰিমাৰ স্বাস্থ্যৰ বৰ্তমান অৱস্থা আৰু পৰৱৰ্তী চিকিৎসা প্ৰক্ৰিয়া সন্দৰ্ভত চিকিৎসকগৰাকীয়ে সংবাদমেলত বিভিন্ন তথ্য সদৰী কৰে।গৰিমা শইকীয়া গাৰ্গৰ স্বাস্থ্যক লৈ চিকিৎসক ডাঃ হিতেশ বৰুৱাই সম্বোধন কৰা সংবাদমেলত বৰ্তমান তেওঁ সংকটমুক্ত যদিও মানসিকভাৱে চাপত ভুগি থকা বুলি উল্লেখ কৰে । ডাঃ বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘গৰিমা শইকীয়া গাৰ্গৰ চিকিৎসাত নিয়োজিত চিকিৎসকৰ দলটোৱে উন্নত মানৰ কাউঞ্চেলিঙৰ বাবে তেওঁক অহা এদিন-দুদিনৰ ভিতৰত মুম্বাইলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । মুম্বাইৰ এটা বিশেষ কেন্দ্ৰত তেওঁৰ কাউঞ্চেলিঙৰ ব্যৱস্থা কৰা হ’ব । এই প্ৰক্ৰিয়াৰ বাবে প্ৰায় ১৫ৰ পৰা ২০ দিনৰ প্ৰয়োজন হ’ব ।’’
