২০২৬ চনৰ ‘আইচি-নাগোয়া এছিয়ান গেমছ’ ত কাইলৈ ভাৰতৰ হৈ পদক অৰ্জনৰ দৃঢ় লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব অৰুণাচল প্ৰদেশৰ উদীয়মান ৱুছু (Wushu) খেলুৱৈ নাইমেন ৱাংছুৱে। ‘স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া’ (SAI)-ৰ সময়সূচী অনুসৰি ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ০৫:৩০ বজাত এই খেল অনুষ্ঠিত হ’ব। জাপানৰ ‘আইচি প্ৰিফেকচাৰেল মাৰ্শ্বেল আৰ্টছ হল (Aichi Prefectural Martial Arts Hall) ত অনুষ্ঠিত হ’ব।
