উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ সমাজ সংস্কাৰক অজয় অ’লি বিগত এক দশকতকৈও অধিক সময় ধৰি খালী ভৰিৰে খোজ কাঢ়ি শিশুৰ অধিকাৰৰ বিষয়ে সজাগতা বিয়পাই আহিছে। ৩৩ বছৰীয়া এই কৰ্মীজন শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয়। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত এক মাহজোৰা সজাগতা অভিযানৰ অংশ হিচাপে শিশু শ্ৰম আৰু শিশু ভিক্ষাবৃত্তিৰ বিৰুদ্ধে যুঁজত ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।
২০১৫ চনত অজয় অ’লিয়ে ভৰিত জোতা নিপিন্ধাৰ সংকল্প লৈছিল। প্ৰতিজন শিশুৱে শিক্ষা, মৰ্যাদা আৰু সুৰক্ষিত শৈশৱ লাভ নকৰালৈকে তেওঁ খালী ভৰিৰে যাত্ৰা অব্যাহত ৰাখিব বুলি প্ৰতিজ্ঞা কৰিছে। তেওঁৰ অভিযানৰ জৰিয়তে তেওঁ সমাজক শিশুক বিদ্যালয়ত ৰাখিবলৈ আৰু শোষণৰ পৰা ৰক্ষা কৰিবলৈ উৎসাহিত কৰিছে।
উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি তেওঁ সজাগতা যাত্ৰা, মত-বিনিময়মূলক পৰামৰ্শ সভা আৰু সমাজ-সম্পৰ্ক কাৰ্যসূচীৰ জৰিয়তে শিশুৰ অধিকাৰ ৰক্ষা আৰু শিক্ষাৰ গুৰুত্বৰ বিষয়ে ৰাইজক সচেতন কৰি তুলিছে।
বিগত বছৰবোৰত তেওঁ ২১ খন ৰাজ্য আৰু ১৫৫ খনতকৈও অধিক চহৰ ভ্ৰমণ কৰিছে। এই অভিযানৰ অংশ হিচাপে তেওঁ ৪,০০ তকৈও অধিক সজাগতা আৰু পৰামৰ্শ কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু প্ৰায় ৪ লাখ যুৱক-যুৱতীক শিশু অধিকাৰ, শিক্ষা আৰু সামাজিক দায়িত্বৰ বিষয়ে জড়িত কৰিছে।
