গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ ছাত্র পৰিষদৰ উদ্যোগত আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ সহযোগত তিনি আগষ্টত বৰপেটা জিলাৰ নসত্ৰত এক বিনামূলীয়া স্বাস্থ্য সজাগতা তথা ৰোগ পৰীক্ষণ আৰু চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত হয়। আনহাতে চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয় চিকিৎসালয়ৰ প্রায় কৰি গৰাকী বিশেষজ্ঞ চিকিৎসক আৰু ছাত্র- ছাত্ৰীয়ে অংশগ্রহণ কৰা স্বাস্থ্য শিবিৰটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামীয়ে।
শিবিৰ মুকলি উপলক্ষে অনুষ্ঠিত সভাত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক মোহন চন্দ্র কলিতা, পঞ্জীয়ক মুকুন্দ শর্মা, শিক্ষা পঞ্জীয়ক মৃণাল বৰা আৰু ড০ মহিবুল হক উপস্থিত থাকে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ৰোগী আৰু কৃষ্ণগুৰু সেৱাশ্রম পৰিসৰত থকা ছাত্র ছাত্রী সকলক পৰিস্কাৰ পৰিচ্ছনতা, দিনচর্য্যা, বিভিন্ন ডিজেনেৰেটিভ ৰোগ,মাতৃ আৰু শিশুৰ যতন, সাধাৰণ ৰোগত যোগাসনৰ ভূমিকা আদি সম্পর্কে এক সজাগতা ভাষণ প্রদান কৰে চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয় চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অজিত কুমাৰ শর্মাই।
চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয় ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক ৰাজকমল তালুকদাৰে জানিবলৈ দিয়া মতে আয়ুর্বেদ চিকিৎসা ব্যৱস্থাক জনমানসত শক্তিশালী ভাৱে প্রতিষ্ঠিত কৰাত এনে ধৰণৰ শিবিৰে সহায় কৰিব ৷ তিনি শতাধিক লোকক শিৱিৰত স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা প্রদান কৰা হয় বুলি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সমাজ সেৱা সম্পাদক ৰিমন দলেয়ে জানিবলৈ দিছে।
