তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৪৮ ঘণ্টালৈ চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ

61

নিৰ্বাচন আয়োগে তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিআৰএছৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচন আয়োগে কে চন্দ্ৰশেখৰ ৰাওক নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে ৪৮ ঘণ্টাৰ বাবে প্ৰচাৰ চলাবলৈ নিষিদ্ধ কৰিছে।অস্থায়ী স্থগিতাদেশ বুধবাৰে নিশা ৮ বজাত আৰম্ভ হয়।

আয়োগে এজন কংগ্ৰেছ নেতাৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰিছে। য’ত বিআৰএছ নেতাজনৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে অপমানজনক আৰু আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল। নিৰ্বাচন আয়োগে এক বিবৃতিত কয়, “আয়োগে আদৰ্শ আচৰণ বিধি উলংঘন সম্পৰ্কীয় বিষয়ৰ পৰিপ্ৰেক্ষিতত বিআৰএছৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাৱে তেওঁৰ সংবাদমেলত দিয়া বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা দিয়ে।

আয়োগে সংবিধানৰ ৩২৪ অনুচ্ছেদৰ উদ্ধৃতি দি বুধবাৰে নিশা ৮ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে কে চন্দ্ৰশেখৰ ৰাওক ৰাজহুৱা সভা, ৰাজহুৱা শোভাযাত্ৰা, ৰাজহুৱা সমদল, অনুষ্ঠান আৰু সাক্ষাৎকাৰ, সংবাদ মাধ্যমত ৰাজহুৱা ভাষণ (ইলেক্ট্ৰনিক, প্ৰিণ্ট, ছ’চিয়েল মিডিয়া) কৰাৰ পৰা বিৰত ৰাখে।”