ধাৰাসাৰ বৰষুণে নাগালেণ্ডত সৃষ্টি কৰা আকস্মিক বান আৰু ভূমিস্খলনৰ পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সোম জিলাত আৰু পাঁচটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এই দুৰ্যোগত মৃতকৰ সংখ্যা ৯জনলৈ বৃদ্ধি পাইছে, আনহাতে এতিয়াও সন্ধান পোৱা হোৱা নাই চাৰিজন লোকৰ।
নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে মঙলবাৰে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, উদ্ধাৰকাৰী দলে সন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰবল বৰষুণত হোৱা ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ পৰিমাণ নিৰ্ধাৰণৰ কামো চলি আছে।
প্ৰাথমিক তথ্য অনুসৰি, ৰাজ্যখনৰ কমেও ১০খন জিলাৰ ৭ হাজাৰ ৪৬০জন লোক এই দুৰ্যোগত ক্ষতিগ্ৰস্ত হৈছে। সোম জিলাই সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে আৰু এতিয়ালৈকে নিশ্চিত হোৱা আটাইকেইটা মৃত্যুৰ ঘটনাই এই জিলাত সংঘটিত হৈছে।
প্ৰাধিকৰণে সদৰী কৰা মতে, সোম চহৰৰ শান্তম ৱাৰ্ডত সংঘটিত ভূমিস্খলনত পাঁচজন লোকৰ মৃত্যু হয়। আনহাতে, নাগিনিমোৰা অঞ্চলত আকস্মিক বানৰ পানীত উটি যোৱা চাৰিজন লোকক জীৱিত উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ ভিতৰত এজনৰ হাড় ভঙাৰ আঘাত লাগে আৰু আন তিনিজনে সামান্য আঘাত পাইছে।
এতিয়াও চাৰিজন লোক সন্ধানহীন হৈ আছে বুলি নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জানিবলৈ দিয়ে। তেওঁলোকৰ সন্ধানত অভিযান অব্যাহত আছে।
প্ৰাথমিক মূল্যায়নত ৰাজ্যখনৰ ১০খন জিলাৰ ৯৩খন গাঁৱৰ ৬৪টা বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰকাশ পাইছে। ক্ষয়-ক্ষতিৰ সমীক্ষা অব্যাহত থকাৰ বাবে এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলিও প্ৰাধিকৰণে উল্লেখ কৰিছে।
এই দুৰ্যোগত পশুধনৰো ব্যাপক ক্ষতি হৈছে। এতিয়ালৈকে ৮৩টা পশুৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। ইয়াৰ ভিতৰত ১৫টা মিথুন, ১৩টা গৰু আৰু ৫৩টা গাহৰি আছে।
ভূমিস্খলনৰ ফলত ছয়খন গাঁৱৰ প্ৰায় ৭ হাজাৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰে শামাটৰ জিলাই সৰ্বাধিক ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা লিপিবদ্ধ কৰিছে। টুৱেনচাঙ জিলাৰ ১২খন গাঁৱৰ ২০১জন লোক এই দুৰ্যোগৰ প্ৰভাৱত পৰিছে। আনহাতে, জুনহেবোটো জিলাৰ প্ৰায় ৩০খন গাঁৱত ভূমিস্খলন সংঘটিত হৈ ২৬জন লোক ক্ষতিগ্ৰস্ত হৈছে।
অবিৰত বৰষুণে ৰাজ্যখনৰ বহু অংশত স্বাভাৱিক জনজীৱন ব্যাহত কৰিছে। পথ, ৰাজহুৱা আন্তঃগাঁথনি, কৃষিভূমি আৰু অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰতো ব্যাপক ক্ষতি হৈছে। ক্ষয়-ক্ষতিৰ প্ৰকৃত পৰিমাণ সমীক্ষা সম্পূৰ্ণ হোৱাৰ লগে লগে আৰু বৃদ্ধি পাব পাৰে বুলি প্ৰশাসনে সতৰ্ক কৰি দুৰ্যোগপ্ৰৱণ অঞ্চলৰ বাসিন্দাসকলক সাৱধানতা অৱলম্বনৰ আহ্বান জনাইছে।
