অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, এতিয়াও প্ৰায় ৬.৫৫ লাখ লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈ জলবন্দী অৱস্থাত দিন অতিবাহিত কৰিবলগীয়া হৈছে।উল্লেখ্য যে, বানৰ মাজতে শনিবাৰে ৰাজ্যখনত পুনৰ চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে। লগতে মৃত্যু হোৱা লোকসকলৰ ভিতৰত শিৱসাগৰ জিলাৰ ৩ জন আৰু চৰাইদেউ জিলাৰ ১ জন লোক আছে। ৰাজ্যখনত বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫ লৈ বৃদ্ধি পাইছে।বৰ্তমান নদীসমূহৰ পানী লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে যদিও প্লাৱিত অঞ্চলসমূহত ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰা, খোৱাপানী যোগান ধৰা আৰু আশ্ৰয় শিবিৰত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান সক্ৰিয়ভাৱে চলাই আছে।
