ফিফা ক্লাব বিশ্বকাপ ২০২৫ৰ ফাইনেলত ইংলিছ ক্লাব চেলছীয়ে পেৰিছ চেণ্ট জাৰ্মেইন (পিএছজি)ৰ বিৰুদ্ধে ৩-০ গ’লত ঐতিহাসিক জয় পঞ্জীয়ন কৰে। কোল পামৰৰ দুটা সুন্দৰ গ’ল আৰু জোৱাও পেড্ৰ’ৰ নিৰ্ণায়ক ষ্ট্ৰাইকৰ বাবে চেলছীয়ে দ্বিতীয়বাৰৰ বাবে এই সন্মানীয় খিতাপ দখল কৰে। নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই বহু প্ৰত্যাশিত চূড়ান্ত মেচখনত চেলছীয়ে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছিল। ২২ মিনিটত মালো গুষ্টোৰ এছিষ্টেৰে প্ৰথমটো গ’ল দিয়ে কোল পামৰে। ইয়াৰ পাছতে ৩০ মিনিটত পামৰে আন এক গ’ল দি দলৰ অগ্ৰগতি ২-০লৈ বৃদ্ধি কৰে। ৪৩ মিনিটত জোয়াও পেড্ৰ’ই তৃতীয়টো গ’ল দি কাৰ্যতঃ চেলছীৰ জয় নিশ্চিত কৰে। সমগ্ৰ খেলখনত পি এছ জি দলটোৱে কোনো গ’ল দিব নোৱাৰিলে আৰু খেলখন ৩-০ গ’লত সমাপ্ত হয়।
প্ৰায় ৮১ হাজাৰ দৰ্শকৰ উপস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিজয়ী দলটোক ট্ৰফী প্ৰদান কৰে। ফাইনেলত প্ৰথমবাৰৰ বাবে হাফ টাইম শ্ব’ও অনুষ্ঠিত হৈছিল, যিয়ে প্ৰতিযোগিতাখনক ছুপাৰ বোলৰ দৰেই এক গ্লেমাৰাছ অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিছিল। এই জয়ৰ লগে লগে চেলছীয়ে লাভ কৰে ১২৫ মিলিয়ন মাৰ্কিন ডলাৰৰ পুৰস্কাৰৰ ধন। ইয়াৰ পূৰ্বে ২০২১ চনত এই খিতাপ লাভ কৰিছিল ক্লাবটোৱে, এতিয়া দ্বিতীয়বাৰৰ বাবে এই ট্ৰফী লাভ কৰিছে। চেলছীয়েও ১৭টা গ’ল দি প্ৰতিযোগিতাখনত সৰ্বাধিক স্ক’ৰ কৰা দল হিচাপে পৰিগণিত হয়। যদিও পি এছ জিয়ে খিতাপ দখল কৰিব নোৱাৰিলে, তথাপিও তেওঁলোকৰ এটা ডাঙৰ ছিজন আছিল।
ইউ এফা চেম্পিয়নছ লীগ আৰু ফ্ৰেন্স লীগ কাপ জয় কৰি দলটোৱে নিজৰ শক্তি প্ৰমাণ কৰিছে। চেলছীৰ ২১ বছৰীয়া তাৰকা কোল পামৰক প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰি গোল্ডেন বল বঁটা প্ৰদান কৰা হয়। চেলছীৰ গ’লৰক্ষক ৰবাৰ্ট ছানচেজে গোল্ডেন গ্ল’ভ বঁটা লাভ কৰাৰ বিপৰীতে পি এছ জিৰ ফৰৱাৰ্ড ডেজিৰে ড’ৱে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ সন্মান লাভ কৰে। এই মেচখন কেৱল ফুটবল খেল নহয়, এক স্মৰণীয় অনুষ্ঠান হিচাপে পৰিগণিত হ’ল য’ত ক্ৰীড়া, গ্লেমাৰ আৰু ৰাজনীতিৰ এক অনন্য সংমিশ্ৰণ দেখা গ’ল। চেলছীৰ এই জয়ে প্ৰমাণ কৰিলে যে ই কেৱল ইউৰোপীয়তে নহয়, বিশ্ব ফুটবলতো এক শক্তিশালী শক্তিত পৰিণত হৈছে।
