ফেডাৰেল বেংকৰ উত্তৰ-পূবত উপস্থিতিৰ সম্প্ৰসাৰণ, ৫টা নতুন শাখা উদ্বোধন, বিত্তীয় বৰ্ষ ২৪ৰ ভিতৰত ১,৫০০টা আউটলেট মুকলিৰ লক্ষ্য

643

দেশৰ আগশাৰীৰ বেংকিং প্ৰতিষ্ঠান ফেডাৰেল বেংকে আজি উত্তৰ-পূবত ৫টা নতুন শাখা মুকলি কৰি গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। কৌশলগত স্থানত অৱস্থিত বিজয়নগৰ (অসম), ধৰ্মনগৰ (ত্ৰিপুৰা), কৰিমগঞ্জ (অসম), কোলাচিব (মিজোৰাম) আৰু নাহৰলগুন (অৰুণাচল প্ৰদেশ)ত মুকলি কৰিছে নতুন শাখা। এই নতুন শাখাকেইটা মুকলিৰে সম্ভাৱনাপূৰ্ণ আৰু প্ৰয়োজনীয় বজাৰত নিজৰ পদচিহ্ন সম্প্ৰসাৰিত কৰাৰ বাবে বেংকৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিলে।

ফেডাৰেল বেংকৰ এমডি আৰু চিইঅ’ শ্যাম শ্ৰীনিবাসনৰ নেতৃত্বত ডিজিটেল উদ্বোধনে ফেডাৰেল বেংকৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বেংকৰ অভিনৱ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে। ২০২৪ বিত্তীয় বৰ্ষৰ শেষলৈ দেশজুৰি ১,৫০০ বেংক আউটলেটত উপনীত হোৱাৰ লক্ষ্যৰে ফেডাৰেল বেংকে উত্তৰ-পূৰ্বাঞ্চলৰ বেংক লেণ্ডস্কেপত এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে নিজৰ স্থিতি দৃঢ় কৰাৰ লক্ষ্য ৰাখিছে। ফেডাৰেল বেংকৰ কলকাতা জ’নৰ জ্যেষ্ঠ উপাধ্যক্ষ তথা খণ্ড মুৰব্বী ছাবু আৰ এছে ফেডাৰেল বেংকৰ গ্ৰাহককেন্দ্ৰিক পন্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। “অনুকূলিত বিত্তীয় সমাধান প্ৰদানৰ ওপৰত আমাৰ বিনিয়োগ, সেৱাৰ সম্প্ৰসাৰণ উত্তৰ-পূবৰ অনন্য প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখে”-ফেডাৰেল বেংকৰ লাভালাভ আৰু সমৃদ্ধিৰ পোষকতা কৰাৰ বাবে বেংকৰ দায়বদ্ধতাৰ ওপৰত জোৰ দি এইদৰে কয়।

২০২৩ৰ ৩১ ডিচেম্বৰলৈকে মুঠ ব্যৱসায় ৪.৩৯ লাখ কোটিলৈ বৃদ্ধি কৰিছে ফেডাৰেল বেংকে, সেৱা উন্নীত-সম্প্ৰসাৰণৰ জৰিয়তে শক্তিশালী বিত্তীয় সুবিধা প্ৰদান কৰি বহনক্ষমতা আৰু স্থিতিস্থাপকতাক সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ১৫.০২% মূলধন পৰ্যাপ্ততা অনুপাত (চিআৰএআৰ)ৰ সৈতে ফেডাৰেল বেংকে নিয়ামক মানদণ্ড মানি চলি নিজৰ সম্প্ৰসাৰণ আৰু শেহতীয়া পৰিকল্পনাক আগুৱাই নিবলৈ সুসজ্জিত কৰি তোলা হৈছে।