ৰাঁচী টেষ্টৰ প্ৰথম ইনিংছ ৩৫৩ ৰান ইংলেণ্ডৰ

644

ভাৰত আৰু ইংলেণ্ডৰ মাজত চতুৰ্থ খন টেষ্ট মেচ ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম কমপ্লেক্সত অনুষ্ঠিত হৈছে। খেলখনৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে ইংলেণ্ডৰ প্ৰথম ইনিংছ ৩৫৩ ৰানত অলআউট হয়। ইংলেণ্ডৰ হৈ, জো ৰুটে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। সুন্দৰ বেটিং কৰি জো ৰুটে ১০ টা চাৰিৰ সহায়ত ২৭৪ টা বলত অপৰাজিত ১২২ ৰান সংগ্ৰহ কৰে। অলি ৰবিনছনে ৯৬ টা বলত ৯ টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৫৮ ৰান সংগ্ৰহ কৰে। ফেন ফ’কেছে ১২৬ টা বলত ৪৭ ৰান সংগ্ৰহ কৰে।

জাক ক্ৰাউলিয়ে ৬ টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৪২ টা বলত ৪২ ৰানৰ অৱদান আগবঢ়ায়। জনি বেয়াৰস্টোৱে ৪ টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৩৫ টা বলত ৩৮ ৰান সংগ্ৰহ কৰে। টম হাৰ্টলে ২৬ টা বলত ১৩ ৰান অৰ্জন কৰে আৰু বেন ডাঙ্কেটে ২১ টা বলত ১১ ৰান অৰ্জন কৰে। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই সুন্দৰ বলিং কৰি সৰ্বাধিক চাৰিটা উইকেট দখল কৰে। একে সময়তে, আকাশ দীপে তিনিটা উইকেট লাভ কৰে। তদুপৰি, মহম্মদ চিৰাজে দুটা উইকেট দখল কৰে।