গ্ল’বেল চাউথৰ দেশসমূহে নিজৰ কাৰ্য, বিশ্বত নিজৰ স্থিতি গ্ৰহণ কৰিবলৈ ভাৰতক আস্থাত লয় বুলি দৃঢ়তাৰে মন্তব্য ইএএম জয়শংকৰৰ

609

ভাৰতক গ্লবেল ছাউথ বা গোলকীয় দক্ষিণৰ কণ্ঠস্বৰ বুলি অভিহিত কৰি বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে গ্লোবেল চাউথৰ দেশসমূহে ভাৰতক সেই দেশসমূহৰ উদ্দেশ্য, বিশ্বত দেশসমূহৰ স্থিতি গ্ৰহণ কৰিবলৈ আস্থা গঢ়ি তুলিছে আৰু ভাৰতে এই দেশসমূহৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিছে। মঙলবাৰে হায়দৰাবাদত বৈদেশিক নীতিৰ ওপৰত আয়োজিত এক কাৰ্যসূচীত ভাষণ দি ইএএমে এই মন্তব্য কৰে।

বিদেশ মন্ত্ৰণালয়ে ভাৰতৰ বিশ্বব্যাপী প্ৰাধান্য-গুৰুত্বৰ ওপৰত আলোকপাত কৰি ভাৰতৰ সৈতে সংযোগ স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। জি-২০ শীৰ্ষ সন্মিলনৰ কথা সোঁৱৰাই দি জয়শংকৰে কয় যে বিশ্বৰ বহু দেশে ভাৰতৰ সৈতে সংযোগ স্থাপন আৰু পাৰস্পৰিক বুজাবুজিৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আহিছিল। বিভিন্ন বৈশ্বিক দৃশ্যপটৰ মাজতো ভাৰতে বিভিন্ন বিষয়ত একমত আৰু সহযোগিতাৰ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ’ল।

জয়শংকৰে উল্লেখ কৰে যে মানুহে চূড়ান্ত ৰূপ বা ফলাফল দেখে যদিও ইয়াক সফল কৰি তুলিবলৈ পৰ্দাৰ আঁৰত আৰু দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰে বহু কাম চলি থাকে। ‘ফৰেইন পলিচি দ্য ইণ্ডিয়া ৱে: ফ্ৰম ডিষ্ট্ৰষ্ট টু কনফিডেন্স’ বিষয়ত ভাষণ প্ৰদান কৰি জয়শংকৰে বিগত ১০ বছৰত সমগ্ৰ বিশ্বতে ভাৰতৰ গুৰুত্ব কেনেদৰে বৃদ্ধি পাইছে সেই বিষয়ে আলোকপাত কৰে। এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি ইএএম জয়শংকৰে মঙলবাৰে নিশা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা ভিডিঅ’ পোষ্ট কৰে। ভাষণত তেওঁ কয় যে, “আগন্তুক ২৫ বছৰৰ বাবে আজিৰে পৰা দেশখনে কেনেধৰণৰ প্ৰস্তুতি চলাইছে, এই মানসিকতাৰে আমি বিশ্বৰ আগত দাঙি ধৰাটো নিতান্তই প্ৰয়োজন।” বিদেশ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰে প্ৰধানমন্ত্ৰী মোদীৰ গোলকীয় গেৰাণ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ক’ভিড, ইউক্ৰেইন আৰু চুডানৰ সংঘৰ্ষৰ সময়ত ভাৰতীয় নাগৰিকসকলক একত্ৰিত কৰাৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে।