দেশৰ খাদ্য সুৰক্ষা নিয়ন্ত্ৰক সংস্থা ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অৱ ইণ্ডিয়া (এফএছএছএআই)-এ বিভিন্ন সুৰা প্ৰস্তুতকাৰী সংস্থালৈ জাননী জাৰি কৰিছে।পৰিদৰ্শনৰ সময়ত ৰাম, ব্ৰেণ্ডি, জিন, হুইস্কি, ৱাইন আৰু বীয়েৰ দৰে সুৰাত প্ৰাকৃতিক সোৱাদ আৰু সুগন্ধ অনুকৰণ কৰিবলৈ কৃত্ৰিম ফ্লেভাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।এফএছএছএআইয়ে সদৰী কৰা অনুসৰি, মদ্যপানীয়সমূহত কেৱল স্বাভাৱিকভাৱে উৎপন্ন হোৱা সোৱাদ আৰু সুগন্ধ থাকিব লাগিব। Food Safety and Standards (Alcoholic Beverages) Regulations, 2018-ৰ বিধি অনুসৰি, ব্লেণ্ডেড স্পিৰিটৰ ক্ষেত্ৰত লেবেলত উল্লেখ কৰা সংৰক্ষণকাল মিশ্ৰণত ব্যৱহৃত আটাইতকৈ কম বয়সৰ স্পিৰিটৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰিব লাগে। কিন্তু কিছুমান প্ৰস্তুতকাৰীয়ে কৃত্ৰিমভাৱে এনে ফ্লেভাৰ মিহলোৱাৰ প্ৰমাণ পোৱা গৈছে।কিন্তু বহু পণ্যত ‘Aged’ আদি শব্দ বা সমধৰ্মী দাবী ব্যৱহাৰ কৰা হৈছে যদিও সেই দাবী বিধি অনুসৰি কৰা হোৱা নাই বুলি এফএছএছএআইয়ে অভিযোগ কৰিছে।
