ডঃ নীলাক্ষী চৌধুৰীৰ “Winds For Change” নামৰ আইন বিষয়ক গ্ৰন্থখনি উন্মোচন

228

বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটাৰোডৰ জীয়ৰী বৰ্তমান দিল্লীৰ বাসিন্দা ডঃ নীলাক্ষী চৌধুৰীৰ ” Winds For Change” নামৰ আইন বিষয়ক গ্ৰন্থখনি অলপতে উন্মোচন কৰা হয় ৷ গ্ৰন্থখনি ডুবাইৰ ৰজাৰ কাৰ্য্যালয় Emirates Towerত উন্মোচন কৰে ৰজাৰ উপদেষ্টা তথা প্ৰাক্তন ৰাষ্ট্ৰদূত ডঃ খালিদ অল মেৰিয়ে ৷ বৰপেটাৰোডৰ প্ৰাক্তন পৌৰপতি বিদ্যানন্দ চৌধুৰীৰ প্ৰথমা কণ্যা নীলাক্ষীয়ে এফ চি এছ , এম বি এ আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত দিল্লীস্থ দেশৰ উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাবে সেৱা আগবঢ়াই আহিছে। তেখেতে দেশৰ আগশাৰীৰ ৪ খন ফাৰ্ম আৰু ১০ টা আন্তৰাষ্ট্ৰীয় কোম্পানীৰ হৈ কাম কৰি আছে ৷

দেশৰ এগৰাকী আগশাৰীৰ অধিবক্তা হিচাবে নিজকে প্ৰতিস্থা কৰা ডঃ নীলাক্ষীয়ে চুপ্ৰিম কোৰ্ট বাৰ এছোছিয়েশ্যন, আমেৰিকান বাৰ এছোছিয়েশ্যন, আন্তৰাষ্ট্ৰীয় বাৰ এছোছিয়েশ্যন, ইন্টাৰনেচনেল কোৰ্ট অফ জুৰিষ্ট ইন লণ্ডনৰ সদস্য ৷ তেখেতে ২৪×৭ ন্যায় নামৰ এটি আন্তৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্য্যবাহী হিচাবেও আইনী সেৱা আগবঢ়াই আহিছে ৷

তেখেতৰ সদ্য উন্মোচিত গ্ৰন্থখনিয়ে আইনৰ জগতখনত বিশেষ সহায়ক হব আশা প্ৰকাশ কৰিছে আইনজ্ঞ সকলে ৷ দেশৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ কে জি বালকৃষ্ণণ আৰু শ্ৰীলংকাৰ আইন মন্ত্ৰী ডঃ উইযেডেছাদা ৰাজপাক্ষীয়ে শুভেচ্ছামূলক বাৰ্তা লিখা বহুমূলীয়া গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে দিল্লীৰ চৰকাৰী প্ৰকাশক প্ৰভাত প্ৰকাশনে ৷ কালি সন্ধিয়া বৰপেটাৰোডৰ চৌধুৰী মাৰ্কেটৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেখেতৰ মাতৃ মঞ্জুলা দাস চৌধুৰীয়ে গ্ৰন্থখনি অসমৰ বাবে উন্মোচন কৰে ৷

অনুষ্ঠানত বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাস আৰু সম্পাদক কুলেন চৌধুৰী, গোপীনাথ বৰদলৈ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ভূপালী পাঠক চৌধুৰী সমন্বিতে ভালেমান বিশিষ্ট ব্যক্তি তথা আত্মীয়স্বজনে উপস্থিত থাকে ৷