প্ৰশাসনীয় সেৱাৰ ইতিহাসত অসমৰ বাবে সংযোজন হ’ল আন এক গৌৰৱোজ্জ্বল অধ্যায়। কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পদৰ বাবে তালিকাভুক্ত হোৱা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা আইএএছ বিষয়া হিচাপে পৰিগণিত হৈছে ড০ বৰ্ণালী ডেকা। বিগত বৰ্ষৰ আগষ্ট মাহত কেন্দ্ৰীয় ডেপুটেশ্যনলৈ যোৱাৰ পূৰ্বে তেওঁ অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত তথা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
অসম প্ৰশাসনীয় ব্যৱস্থাত সুদীৰ্ঘ দিন ধৰি সেৱা আগবঢ়াই অহা ড০ ডেকাই বৰপেটা, গোলাঘাট, গোৱালপাৰা, কোকৰাঝাৰ আৰু নলবাৰী- এই পাঁচখনকৈ জিলাত জিলা উপায়ুক্ত হিচাপে সফলভাৱে দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও গুৱাহাটী পৌৰ উন্নয়ন প্ৰাধিকৰণৰ উপাধ্যক্ষা তথা মুখ্য কাৰ্যবাহী বিষয়া, অসম দক্ষতা বিকাশ অভিযান, ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক আৰু সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যবাহী সঞ্চালকৰ দৰে বহু গুৰুত্বপূৰ্ণ পদতো তেওঁ নিষ্ঠাৰে কাৰ্য সম্পাদন কৰিছে। স্বাস্থ্য, নগৰ উন্নয়ন, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আদি বিভাগৰ সচিব পদতো অধিষ্ঠিত আছিল এইগৰাকী দক্ষ বিষয়া।
অসামৰিক সেৱাত যোগদান কৰাৰ পূৰ্বে টাটা কনচালটেন্সি ছাৰ্ভিচেছ আৰু এএনজেড বেংকত এগৰাকী ব্যৱসায় বিশ্লেষক তথা অভিযন্তা হিচাপে কৰ্মৰত আছিল ড০ ডেকা। শিক্ষাগত দিশতো অত্যন্ত মেধাৰ পৰিচয় দিয়া ড০ ডেকাই আইআইটি বোম্বেৰ পৰা শিক্ষাগ্ৰহণৰ লগতে বাণিজ্য শাখাত পিএইচডি, কম্পিউটাৰ বিজ্ঞানত বি.টেক, এমবিএ আৰু এলএলবি ডিগ্ৰীও অৰ্জন কৰে। ইউপিএছচি পৰীক্ষাত আইপিএছৰ বাবে ৮২ সংখ্যক আৰু পৰৱৰ্তী সময়ত আইএএছৰ বাবে ১৬ সংখ্যক স্থান লাভ কৰিছিল তেওঁ।
প্ৰশাসন ব্যৱস্থাত অসাধাৰণ অৱদানৰ বাবে তেওঁ ইতিমধ্যে দুবাৰকৈ ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বঁটা, ৰাষ্ট্ৰীয় জল বঁটা, নিৰ্বাচন আয়োগৰ শ্ৰেষ্ঠ ডিইঅ’ বঁটা আৰু মুখ্যমন্ত্ৰীৰ ‘কৰ্মশ্ৰী’ সন্মান লাভ কৰিছে। আনকি কোকৰাঝাৰত তেওঁ ৰূপায়ণ কৰা ‘এক জিলা এক উৎপাদন’ আৰু ‘জন ভাগীদাৰী’ কাৰ্যসূচী ৰাষ্ট্ৰসংঘ উন্নয়ন কাৰ্যসূচী আৰু নীতি আয়োগৰ দ্বাৰাও সমাদৃত হৈছে।
