এবাৰ নহয়, দুবাৰ নহয়, সকলো আধুনিক শক্তি প্ৰয়োগ কৰি বাৰে বাৰে চেষ্টা চলাইও প্ৰশাসনে লৰচৰ কৰিব নোৱাৰিলে এক প্ৰাচীন হনুমান বিগ্ৰহ। মধ্যপ্ৰদেশৰ ঐতিহাসিক ধৰ্মীয় চহৰ উজ্জয়িনীৰ পথ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে ‘খড়ে হনুমান’ মন্দিৰৰ প্ৰতিমা স্থানান্তৰ কৰিবলৈ গৈ চূড়ান্ত বিমোৰত পৰিছে পৌৰ নিগম আৰু জিলা প্ৰশাসন। চাৰিদিন ধৰি ক্ৰেন, জে চি বিৰ দৰে অত্যাধুনিক গধুৰ যন্ত্ৰ প্ৰয়োগ কৰিও দেৱালয়খনৰ দণ্ডায়মান বিগ্ৰহটো নিজ স্থানৰ পৰা এক ইঞ্চিও স্থানান্তৰ কৰিব নোৱাৰিলে কৰ্তৃপক্ষই।
কণ্ঠাল চকৰ পৰা ছত্ৰী চক সংযোগী পথটো সম্প্ৰসাৰণৰ আওতাত পৰাৰ বাবেই প্ৰশাসনে ইতিমধ্যে মন্দিৰৰ মূল সৌধ আৰু গৰ্ভগৃহ ভাঙি পেলাইছে। কিন্তু বিগ্ৰহটো স্থানান্তৰৰ সকলো প্ৰয়াস ব্যৰ্থ হোৱাত সম্প্ৰতি এখন অস্থায়ী চালিৰ তলত সুৰক্ষিতভাৱে ৰখা হৈছে প্ৰতিমাটো। অধিক জোৰ প্ৰয়োগ কৰিলে প্ৰাচীন ভাস্কৰ্যটোৰ ক্ষতি হ’ব পাৰে বুলি পুৰাতত্ত্ব বিভাগৰ সতৰ্কবাণী পোৱাৰ পিছতে এতিয়া সকলো গধুৰ যন্ত্ৰৰ ব্যৱহাৰ সাময়িকভাৱে বন্ধ ৰাখিছে প্ৰশাসনে।
উল্লেখযোগ্য যে, বিগ্ৰহটো মাটিৰ কিমান গভীৰলৈকে পোত গৈ আছে সেয়া নিৰীক্ষণৰ বাবে কাষৰ ডেৰ ফুট গভীৰতালৈকে মাটি খন্দা হৈছে যদিও কোনো সমাধান ওলোৱা নাই। পুৰাতত্ত্ববিদসকলৰ এটা বিশেষজ্ঞ দলে স্কেনিং আৰু কাৰিকৰী পৰীক্ষা চলোৱাৰ পাছতহে বিগ্ৰহটো সুৰক্ষিতভাৱে টেংকী চকলৈ স্থানান্তৰ কৰাৰ পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই।
আনহাতে, প্ৰশাসনৰ এই পদক্ষেপক লৈ স্থানীয় ভক্ত আৰু হিন্দু সংগঠনসমূহৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছে। মন্দিৰৰ পুৰোহিত মহেশ পণ্ডিতে সতৰ্ক কৰি দি কয় যে বিগ্ৰহ স্থানান্তৰৰ প্ৰক্ৰিয়াত কিবা ক্ষতি হ’লে তাৰ বাবে কেৱল প্ৰশাসনহে দায়বদ্ধ হ’ব। ইফালে দেওবাৰে মন্দিৰটোৰ ছাদ আৰু কাষৰীয়া ঘৰসমূহত প্ৰায় ৫০টাকৈ বান্দৰৰ জুম সমৱেত হোৱা ঘটনাই অঞ্চলটোত বিশেষ চৰ্চা লাভ কৰিছে। সোমবাৰৰ পৰাই অন্তিম দৰ্শনৰ বাবে হাজাৰ হাজাৰ ভক্তৰ সমাগমে সমগ্ৰ পৰিস্থিতি অধিক সংবেদনশীল কৰি তুলিছে।
