এইবাৰ ৰাজধানী দিল্লীত দাহন কৰা হ’ব ৩০ ফুট উচ্চতাৰ পইতাচোৰা। ৰামলীলাত ৰাৱণ, কুম্ভকর্ণ আৰু মেঘনাদৰ সৈতে দাহ কৰা হ’ব পইতাচোৰাক।পিতামপুৰাত শ্রীকেশৱ ৰামলীলা কমিটীয়ে আয়োজন কৰা ৰামলীলাত ‘স্বচ্ছ ভাৰত’ আৰু ‘স্বচ্ছ দিল্লী’ অভিযানৰ অংশ হিচাপে পইতাচোৰা দাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কমিটীৰ বিষয়ববীয়াই সদৰী কৰা অনুসৰি, পইতাচোৰাই লেতেৰাক প্ৰতিনিধিত্ব কৰে। যাৰবাবে তেওঁলোকে ৰামলীলাত পইতাচোৰাক জ্বলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
