৪ আগষ্টত পুনৰ কঁপি উঠিব ৰাজধানী দিল্লী। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বিৰুদ্ধে এইবাৰ দিল্লী কঁপোৱাৰ হুংকাৰ। E20ৰ বিৰুদ্ধে ৪ আগষ্টত সংসদ চলো কাৰ্যসূচী ৰূপায়ন কৰিব হাজাৰ হাজাৰ চালকে। ইথানল মিশ্ৰিত পেট্ৰ’ল বন্ধ কৰাৰ দাবীৰে কৰিব ভয়ংকৰ প্ৰতিবাদ। নীটৰ প্ৰশ্নকাকত ফাদিল বিবাদৰ পাছত ক’কৰোচ জনতা পাৰ্টী’ ৰ সাফল্য আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ ঘটনাৰ পাছত এইবাৰ দেশত সৃষ্টি হৈছে এক নতুন ডিজিটেল আন্দোলন। ইথানল মিহলিত পেট্ৰ’ল নীতিৰ বিৰোধিতাৰে ‘E20 জনতা পাৰ্টী’ নামৰ এটি সংগ্ৰামী সংগঠনে এক অভিযানৰ শুভাৰম্ভ কৰিছে। সংগ্ৰামী গোটটোৱে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ পদত্যাগ দাবী কৰাৰ লগতে প্ৰতিজন গ্ৰাহকক ১০০ শতাংশ বিশুদ্ধ পেট্ৰ’ল ক্ৰয় কৰাৰ বৈধ বিকল্প প্ৰদানৰ দাবী জনাইছে।
