আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে। দীৰ্ঘদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ অন্ত পেলাই অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰিলে অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটাৰগৰাকীয়ে।
বেটিং আৰু বলিং—দুয়োটা বিভাগতে নিজৰ দক্ষতাৰ পৰিচয় দিয়া মেক্সৱেলৰ অৱসৰৰ খবৰে ক্ৰিকেট অনুৰাগীৰ মাজত চৰ্চা লাভ কৰিছে।
বিশেষকৈ সীমিত অভাৰৰ ক্ৰিকেটত নিজৰ আক্ৰমণাত্মক বেটিং আৰু মেচৰ গতি সলনি কৰিব পৰা ক্ষমতাৰ বাবে পৰিচিত আছিল গ্লেন মেক্সৱেল।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ বিশেষ অৱদান আগবঢ়োৱা মেক্সৱেলৰ বিদায়ে অষ্ট্ৰেলিয়ান ক্ৰিকেটত এক অধ্যায়ৰ অন্ত পেলালে।
