উত্তৰাখণ্ডৰ পিছত এইবাৰ জম্মু-কাশ্মীৰ । জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাত বৃহস্পতিবাৰে সংঘটিত হয় ডাৱৰ বিস্ফোৰণৰ ঘটনা । এই ঘটনাত ধন-জনৰ বিস্তৰ ক্ষয়-ক্ষতিৰ আশংকা কৰা হৈছে । আনহাতে, বাতৰি যুগুতোৱাৰ সময়লৈকে প্ৰাপ্ত তথ্য মতে, ১৫ জন লোকৰ মৃত্যু হৈছে ।জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ হিন্দুসকলৰ পৰম পূজনীয় মন্দিৰ মাচৈল মাতালৈ যোৱাৰ পথত চিশোটি অঞ্চলত এই ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ।প্ৰাথমিক খবৰ অনুসৰি, এই ঘটনাত হতাহতৰ আশংকা কৰা হৈছে । কমেও ১৫ জন ব্যক্তিৰ মৃত্যুৰ আশংকা কৰা হৈছে বুলি বিষয়াসকলে পি টি আইক জনায় ।
