জীৱন বীমা খণ্ডত দাবী নিষ্পত্তিয়েই আস্থাৰ চৰম পৰীক্ষা হৈ পৰিছে, কাৰণ গ্ৰাহকসকলে ক্ৰমান্বয়ে প্ৰিমিয়াম আৰু পলিচীৰ সুবিধাসমূহৰ উৰ্ধ্বলৈ গৈ সবাতোকৈ প্ৰয়োজন হোৱা সময়ত কোনো এটা বীমা প্ৰতিষ্ঠানে প্ৰতিশ্ৰুতি পূৰণ কৰিবনে নাই, সেই দিশত মূল্যায়ন কৰিবলৈ লৈছে। ভাৰতৰ জীৱন বীমা উদ্যোগে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৮.৮৬ লাখ কোটি টকাৰ প্ৰিমিয়াম সংগ্ৰহ কৰিছে, যি পূৰ্বৱৰ্তী বৰ্ষৰ তুলনাত ৬.৭৩% বৃদ্ধি হৈছে। অৱশ্যে, জীৱন বীমাৰ প্ৰসাৰতা ঘৰুৱা উৎপাদনৰ ২.৭%লৈ হ্ৰাস পাইছে, যিয়ে বীমা সুৰক্ষাৰ সম্প্ৰসাৰণ আৰু গ্ৰাহকৰ আস্থা শক্তিশালী কৰাৰ প্ৰত্যাহ্বানক প্ৰতিপন্ন কৰে।
এক্সিছ মেক্স লাইফে জনোৱা অনুসৰি দাবীৰ প্ৰদৰ্শনক এটা বীমা কোম্পানীয়ে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সামৰ্থ্যৰ এক মুখ্য সূচক হিচাপে লক্ষ্য কৰিব লাগে। কোম্পানীটোৰ ব্যক্তিগত মৃত্যুৰ দাবী পৰিশোধৰ অনুপাত একেৰাহে পাঁচ বছৰ ধৰি ৯৯% ৰ ওপৰত আছে, যিটো ২০২১-২২ বিত্তীয় বৰ্ষৰ ৯৯.৩৪%ৰ পৰা বৃদ্ধি পাই ২০২৫-২৬ বিত্তীয় বৰ্ষত ৯৯.৮% হৈছেগৈ। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত ই ১,৬৪১ কোটি টকাৰ ২০,৫২৯টা ব্যক্তিগত মৃত্যুৰ দাবী নিষ্পত্তি কৰিছে।
গুৱাহাটী মহানগৰীত দক্ষ আৰু ধাৰাবাহিক দাবী নিষ্পত্তিৰ ওপৰত গুৰুত্ব আৰোপে অসম আৰু সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ মাজত আস্থা শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, য’ত আৰ্থিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ব্যক্তিগত পৰামৰ্শ আৰু বিশ্বাস আজিও অন্যতম উল্লেখনীয় কাৰক হিচাপে বিবেচিত হৈ আহিছে।
