অসমৰ আগশাৰীৰ আৰ্থ-সাংস্কৃতিক সংস্থা ব্যতিক্ৰম মাছডোৱে বাংলাদেশৰ ঢাকাৰ প্ৰতিষ্ঠিত ঢাকা ক্লাবত অহা ২১ এপ্ৰিল দেওবাৰে প্ৰথমবাৰলৈ ‘মেডিকেল টুৰিজিম কনক্লেভ’ নামৰ এক যুগান্তকাৰী অনুষ্ঠানৰ আয়োজন কৰিছে। ২১ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই সন্মিলনৰ লক্ষ্য হৈছে পূব ভাৰত আৰু বাংলাদেশৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু সহজ কৰি তোলা, যাৰ ফলত চিকিৎসাৰ দিগন্ত যাতে সুদূৰপ্ৰসাৰী হয় আৰু সমগ্ৰ অঞ্চলটোতে স্বাস্থ্যসেৱাৰ সমাধানৰ পোষকতা কৰিব পৰা যায়। ব্যতিক্ৰম মাছডোৰ অধ্যক্ষ ড০ সৌমেন ভাৰতীয়ই অনুষ্ঠানটোৰ সম্ভাৱ্য প্ৰভাৱৰ আৰু ইতিবাচক দিশৰ ওপৰত আলোকপাত কৰি অনুষ্ঠানটোক লৈ যথেষ্ট প্ৰত্যাশা ব্যক্ত কৰে। “এই সন্মিলনে পূব ভাৰত আৰু বাংলাদেশৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ লগতে চিকিৎসাৰ উন্নতি আৰু দুয়োটা অঞ্চলৰ মাজত স্বাস্থ্যসেৱা সমাধানৰ প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ সাজু হৈছে,” এইদৰে মন্তব্য কৰে ড০ ভাৰতীয়ই।
কনক্লেভত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব ডাঃ মহিবুল ইছলাম, চাৰ্জন; ডাঃ অৰূপ কুমাৰ নাথ, ইউৰ’লজিষ্ট; ডাঃ চবুৰ উদ্দিন আহমেদ , গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট; ডাঃ ছাজিদুল মজুমদাৰ, পৰামৰ্শদাতা ইউৰ’লজিষ্ট; ডাঃ চৈয়দ আছিফ আহমেদ, দন্ত চিকিৎসক; অধ্যাপক ডাঃ মামুন আল মাহতাব (স্বপ্নিল),হেপাটলজিষ্ট; ডাঃ মুস্তাফা আহমেদ সৰকাৰ, লেপাৰস্কপিক আৰু এণ্ড’স্কপিক চাৰ্জন; অধ্যাপক ডাঃ মাহবুবৰ ৰহমান, প্ৰফেছৰ ডাঃ নুজহাত চৌধুৰী, চকু বিশেষজ্ঞ; ডাঃ শ্বেখ মহম্মদ ফাজলে আকবৰ, গৱেষক; প্ৰফেছৰ ডাঃ উত্তম কুমাৰ বৰুৱাকে ধৰি বহুকেইজন অভিজ্ঞ চিকিত্সক তথা বিশিষ্ট ব্যক্তি।
এই অনুষ্ঠানটোত চিকিৎসা বিজ্ঞান, আতিথ্য-সেৱা আৰু সংবাদ মাধ্যমৰ বিশিষ্ট বিশেষজ্ঞসকলে ভাষণ প্ৰদান কৰিব। তদুপৰি অসম আৰু ভাৰতত চিকিৎসা পৰ্যটনৰ সুযোগ আৰু সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৪টা পেনেল আলোচনাৰ আয়োজন কৰিছে। চিকিৎসা পৰ্যটনৰ সুবিধাসমূহৰ বিষয়ে জনসাধাৰণক আলোকিত-সজাগ কৰা আৰু এই খণ্ডত অৱদান আগবঢ়োৱা ব্যক্তিসকলক স্বীকৃতি প্ৰদান কাৰ্যসূচীৰ জৰিয়তে এক সজাগতা কাৰ্যসূচীৰো আয়োজন কৰিছে। গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে স্বাস্থ্য সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত ব্যতিক্ৰম মাছডোৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু চিকিৎসা খণ্ডত এই সহযোগিতামূলক প্ৰচেষ্টাৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চিকিৎসা শাস্ত্ৰৰ বিভিন্ন শাখাৰ গণ্য-মান্য অতিথিসকলে অনুষ্ঠানটোত উপস্থিত থাকি আলোচনাত নিজৰ অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টি প্ৰদান কৰিব। এই অনুষ্ঠানটোৰ বাবে সহযোগিতা কৰিছে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত, ফ্ৰেণ্ডচ অৱ বাংলাদেশ, সম্প্ৰীতি বাংলাদেশ, ৰাধানী গ্ৰুপ, পিয়ৰলেছ হাস্পতালৰ সহযোগত টেকন’ ইণ্ডিয়া গ্ৰুপ , চি কে বিৰলা হাস্পতাল, চিএমআৰআই-কলকাতা, ইনষ্টিটিউট অৱ ইউৰ’লজী এণ্ড কিডনী ডিজিজ, ডেণ্টেল পইণ্টছ এণ্ড ইমপ্লাণ্ট চেণ্টাৰ, জীৱন জ্যোতি হেল্থ কেয়াৰ এণ্ড ৰিচাৰ্চ প্ৰাইভেট লিমিটেড আৰু উজু হেল্থে।