য়েমেন আৰু ছোমালিয়াৰ সমীপত জলদস্যুৰ হাতত ২খন জাহাজ অপহৃত হোৱাৰ খবৰ আহিছে। ২২গৰাকী ভাৰতীয়ক বন্দী নাবিক আৰু কৰ্মচাৰীক বন্দী কৰি ৰাখিছে জলদস্যুয়ে।এম.টি. চি বু ১ (M.T. Sibu 1) নামৰ এৰিট্ৰিয়াৰ পতাকাযুক্ত এই তেলবাহী জাহাজখন য়েমেনৰ উপকূলৰ পৰা প্ৰায় ৩০মাইল আঁতৰত এডেন উপসাগৰত ৬ জন সশস্ত্ৰ জলদস্যুৱে অপহৰণ কৰে। জাহাজখনত থকা ২০ জনীয়া দলটোৰ ভিতৰত ১৬ গৰাকীয়েই ভাৰতীয়। ডাইৰেক্টৰেট অৱ মেৰিটাইম এডমিনিষ্ট্ৰেছনৰ প্ৰাৰম্ভিক ৰিপৰ্ট অনুসৰি নাবিকসকল বৰ্তমান সুৰক্ষিত অৱস্থাত আছে।
