দেশৰ অন্যতম বৃহৎ আইভিএফ নেটৱৰ্ক ‘বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফ-এ অৰুণাচল প্ৰদেশত উন্নত বন্ধ্যাত্ব-প্ৰজননকেন্দ্ৰিক চিকিৎসাৰ সুবিধা বৃদ্ধিৰ উদ্দেশ্যে পাছিঘাটৰ হেলথ কেয়াৰ হাস্পতালৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিছে। ইয়াৰ ফলত ৰোগীসকলে চিকিৎসাৰ বাবে মহানগৰ বা দূৰৈৰ চিকিৎসা কেন্দ্ৰসমূহলৈ যাত্ৰা কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। এই সহযোগিতাৰ অধীনত পাছিঘাট আৰু চুবুৰীয়া জিলাসমূহৰ দম্পতীসকলে হেলথ কেয়াৰ হাস্পতালত স্থানীয়ভাৱে পৰামৰ্শ, স্কেন, অভ্যুলেচ(ডিম্বস্ফোৰণ) নিৰীক্ষণ আৰু ইন্ট্ৰাইউটেৰাইন ইনচেমিনেচন প্ৰক্ৰিয়াসহ গুৰুত্বপূৰ্ণ চিকিৎসাৰ সুবিধাসমূহ লাভ কৰিব পাৰিব। বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফৰ গুৱাহাটী কেন্দ্ৰৰ ক্লিনিকেল নিৰ্দেশনা আৰু চিকিৎসা পদ্ধতি অনুসৰি এই সেৱাসমূহ প্ৰদান কৰা হ’ব, যাৰ ফলত চিকিৎসাৰ ধাৰাবাহিকতা বৰ্তি থকাৰ লগতে ৰোগীৰ আৰ্থিক আৰু যাতায়াতৰ বোজাও লাঘৱ হ’ব।
বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফ-এ এই পদক্ষেপক সমৰ্থন জনাবলৈ পাছিঘাটত ফাৰ্টিলিটী আনস্ক্ৰিপ্টেড নামৰ এক ধাৰাবাহিক চিকিৎসা শিক্ষা কাৰ্যসূচীৰ আয়োজন কৰে। এই অনুষ্ঠানত সমগ্ৰ অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ স্ত্ৰীৰোগ বিশেষজ্ঞ, বন্ধ্যাত্ব বিশেষজ্ঞ আৰু স্বাস্থ্যসেৱা কৰ্মীসকলে অংশগ্ৰহণ কৰি উদীয়মান বন্ধ্যাত্ব চিকিৎসা, সৰ্বোত্তম পদ্ধতি আৰু প্ৰজনন স্বাস্থ্যসেৱাৰ বহুমুখী দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰে। বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফ গুৱাহাটীৰ জ্যেষ্ঠ পৰামৰ্শদাতা তথা কেন্দ্ৰীয় মুৰব্বী ডাঃ কল্পনা জৈনে এই বিষয়ে কয় যে, এই অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে ভৌগোলিক অৱস্থিতিৰ বাবে যাতে কোনো লোক উন্নত বন্ধ্যাত্ব চিকিৎসাৰ পৰা বঞ্চিত নহয়, তাক নিশ্চিত কৰা। হেল্থ কেয়াৰ হাস্পতালৰ চিএমডি ডাঃ কে মেগুই কয় যে এই সহযোগিতাই ৰোগীসকলক ঘৰৰ ওচৰতে প্ৰয়োজনীয় প্ৰজননকেন্দ্ৰিক চিকিৎসা সেৱা লাভ কৰাত সহায় কৰিব।
গুৱাহাটী মহানগৰীত এই অংশীদাৰিত্বই উত্তৰ-পূবৰ বাবে আঞ্চলিক স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে মহানগৰীৰ ক্ৰমবৰ্ধমান ভূমিকাক উজ্জ্বল কৰি তুলিছে। বিশেষ চিকিৎসা প্ৰতিষ্ঠানসমূহে সহযোগিতামূলক আৰ্হিৰ জৰিয়তে চুবুৰীয়া ৰাজ্যসমূহলৈ ক্ৰমান্বয়ে সেৱা সম্প্ৰসাৰণ কৰাৰ লগে লগে গুৱাহাটীস্থিত স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলে নিজৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে অনগ্ৰসৰ অঞ্চলসমূহত উন্নত চিকিৎসা বিকল্পসমূহৰ সুবিধাৰ উন্নতি সাধন কৰিছে। এই চিএমই কাৰ্যসূচীত বিশেষজ্ঞসকলৰ বিশেষ অধিবেশন অনুষ্ঠিত কৰা হৈছিল, য’ত ডাঃ জৈনৰ “সফল আইইউআইৰ বাবে ১০ টা মুকুতা” শীৰ্ষক উপস্থাপন, বাৰম্বাৰ গৰ্ভপাতৰ ওপৰত পেনেল আলোচনা আৰু বন্ধ্যাত্ব চিকিৎসাৰ বিকেন্দ্ৰীকৰণ তথা চিকিৎসা নৈতিকতাৰ ওপৰত বক্তৃতা প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ সামৰণিত বন্ধ্যাত্ব চিকিৎসাৰ ক্লিনিকেল প্ৰত্যাহ্বান আৰু সৰ্বোত্তম পদ্ধতিসমূহৰ ওপৰত এক বাৰ্তালাপমূলক আলোচনাও অনুষ্ঠিত হয়।
