চৰকাৰী বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা আহিল এটা কঠোৰ নিৰ্দেশ। এতিয়াৰে পৰা ১০বজাৰ লগে লগে সকলো বিষয়া-কৰ্মচাৰী উপস্থিত হ’ব লাগিব কাৰ্যালয়ত।যদিহে এই নিয়ম কোনো বিষয়া-কৰ্মচাৰীয়ে অমান্য কৰে তেন্তে বিভাগীয় শাস্তিৰ সন্মুখীন হোৱাৰ লগতে দৰমহা কৰ্তন কৰা হ’ব।সকলো চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে এতিয়া Biometric Attendance অনিবাৰ্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। যোৱা সোমবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে। এতিয়াৰে পৰা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ কামৰ প্ৰতি হেমাহি সহ্য কৰা নহয় বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে।বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে এই নিয়ম কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
