আজি কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ১৫ তম দিনত ভৰি দিয়ে। মণিপুৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰা আজি বিহাৰত প্ৰৱেশ কৰিছে। ৰাহুল গান্ধীয়ে বিহাৰত কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা কিষাণগঞ্জত বৈঠকত ভাষণ আগবঢ়ায়। ৰাহুলে বিহাৰৰ সীমাঞ্চল জিলাত কেইবাখনো ৰেলীত অংশ লয় আৰু এই যাত্ৰা সম্পন্ন কৰি পুনৰ পশ্চিম বংগত প্ৰৱেশ কৰিব।
উল্লেখ্য কংগ্ৰেছ এই যাত্ৰা কিষাণগঞ্জৰ মাজেৰে বিহাৰত প্ৰৱেশ কৰে। ৰাহুলে কিষাণগঞ্জত ৩ খন ৰাজহুৱা সভা সম্বোধন কৰে। তেওঁ বিহাৰ আৰু পশ্চিম বংগৰ ফাৰিংগোলা চেকপোষ্টহৈ কিষাণগঞ্জ চহৰৰ বীৰ কুঁৱৰ সিং বাছ ষ্টেণ্ডলৈ খোজকাঢ়ি এটা ৰোড শ্ব’ত অংশ লয়। ইয়াৰ পিছত খাগ্ৰাৰ শ্বহীদ আশফাকুল্লাহ খান ষ্টেডিয়ামত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে।
লোকসভা নিৰ্বাচনত, বিজেপিয়ে বিহাৰৰ ৪০ খন আসনৰ ভিতৰত ৩৯ খন আসন লাভ কৰিছিল। কিষাণগঞ্জ একমাত্ৰ আসন আছিল যিখন কংগ্ৰেছে জিকিবলৈ সক্ষম হৈছিল। সেয়েহে এইবাৰো কংগ্ৰেছে জিকিবলৈ চেষ্টা কৰি আছে।