৩১ অক্টোবৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ । ছবিখন মুক্তিৰ পূৰ্বে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যতে।
ছবিগৃহত টিকটৰ অনলাইন বুকিং মুকলি কৰি দিয়াৰ পিছতেই বুক মাই শ্বত ইতিমধ্যে প্ৰতিটো শ্ব’ত ব্যাপক সহাৰি লাভ কৰিছে । ৰাজ্যৰ ৮০ টা ছবি গৃহত মুক্তি লাভ কৰিব ছবিখনে।আনহাতে ভাৰতবৰ্ষৰ বিভিন্ন চহৰৰ ৪০ টাতকৈ অধিক ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে
