বলীউডৰ বহুচৰ্চিত পৌৰাণিক ছবি ‘ৰামায়ণঃ পাৰ্ট ১’ৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে অসমৰ পৰম্পৰাগত বেত শিল্প। পৰিচালক নীতিশ তিৱাৰীৰ এই ছবিখনৰ দুই মূল অভিনেতা ৰণবীৰ কাপুৰ আৰু ৰবি ডুবেৰ বাবে বৰপেটা জিলাৰ এদল থলুৱা শিল্পীয়ে বিশেষভাৱে প্ৰস্তুত কৰিছিল ৱৰ্ম বা কৱচ। জিলাখনৰ জনিয়াৰ বঙালীপাৰা গাঁৱৰ মুখ্য শিল্পী জয়নাল আবেদিন আৰু তেওঁৰ ১৫ জনীয়া দলটোৱে সুদীৰ্ঘ চাৰে তিনি বছৰজোৰা কঠোৰ পৰিশ্ৰমেৰে হাতেৰে বৈ উলিয়াইছিল ৩০ৰ পৰা ৩৫টা বিশেষ কৱচ।
এই বিশেষ কৱচ নিৰ্মাণৰ বাবে জনিয়াৰ শিল্পীসকলক দায়িত্ব দিয়াৰ আঁৰত আছিল ছবিখনৰ কষ্টিউম ডিজাইনাৰ অজয় কুমাৰৰ বিশেষ পৰিকল্পনা। ছবিখনৰ চৰিত্ৰসমূহৰ বনবাসৰ সময়ছোৱাৰ বাবে তেওঁ প্রাকৃতিকভাৱে নিৰ্মিত নিখুঁত পোছাকৰ সন্ধান কৰিছিল। সেই অনুসৰি স্থানীয় স্বেচ্ছাসেৱী অনুষ্ঠান ‘গ্ৰাম উন্নয়ন’ৰ আব্দুল মালেকৰ জৰিয়তে ডিজাইনাৰগৰাকীয়ে এই কামৰ বাবে নিৰ্বাচন কৰে জয়নাল আবেদিনক। আনকি কৱচসমূহৰ সঠিক জোখ-মাখত সহায় কৰিবলৈ অজয় কুমাৰৰ দলৰ এজন সদস্যই গাঁওখনত বাহৰ পাতিও আছিল।
জোখ-মাখৰ কাম আগবঢ়াৰ লগে লগে ছবিখনৰ একশ্যন দৃশ্যসমূহৰ বাবে এই কৱচ নিৰ্মাণৰ ক্ষেত্ৰত কিছু কাৰিকৰী প্ৰত্যাহ্বানে দেখা দিয়ে। থলুৱা ‘চৰপত’ বেত আৰু মৰাপাটৰ কঠোৰতা হ্ৰাস কৰি ইয়াক একশ্যন দৃশ্যৰ বাবে নমনীয় কৰি তুলিবলৈ শিল্পী জয়নাল আবেদিনে অৱলম্বন কৰে এক অভিনৱ কৌশল। তেওঁ আধা অংশ বেত আৰু আধা অংশ সেউজীয়া তথা ক’লা ৰবৰৰ সংমিশ্ৰণেৰে কৱচসমূহৰ মূল অংশটো বৈ উলিয়ায়। পৰৱৰ্তী সময়ত মুম্বাইত এই কৱচসমূহক চূড়ান্ত ৰূপ দি সজাই-পৰাই তোলা হয়।
মুম্বাইৰ দৃশ্যগ্ৰহণস্থলীলৈ এই কৱচসমূহ নিৰ্দিষ্ট সময়ত প্ৰেৰণ কৰাটোও শিল্পীগৰাকীৰ বাবে এক কঠিন দায়িত্ব হৈ পৰিছিল। ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ৰ প্ৰতিবেদন অনুসৰি অনিয়মীয়া সময়সীমাৰ বাবে বিমানযোগে তাৎক্ষণিকভাৱে মুম্বাইৰ ছেটলৈ পঠিয়াবলৈ আবেদিনে নিজেই সম্পূৰ্ণ হোৱা কৱচসমূহ গুৱাহাটী বিমানবন্দৰলৈ লৈ গৈছিল।
লক্ষণীয়ভাৱে কঠোৰ গোপনীয়তাৰ নীতি মানি চলাৰ বাবে ছবিখন মুক্তি নোপোৱালৈকে এই কৱচসমূহ কোনখন ছবিৰ বাবে নিৰ্মাণ কৰা হৈছিল, সেই বিষয়ে সম্পূর্ণ অন্ধকাৰত আছিল শিল্পীৰ দলটো। ছবিখন ছবিগৃহত মুক্তি পোৱাৰ পিছতহে সমগ্ৰ বিষয়টো পোহৰলৈ আহে। কষ্টোপাৰ্জিত এই সৃষ্টি ৰূপালী পৰ্দাত জিলিকি উঠাত জয়নাল আবেদিনে নিজৰ গাঁওখনৰ লগতে সমগ্ৰ বৰপেটা জিলাৰ হৈ গভীৰ গৌৰৱ অনুভৱ কৰা বুলি জানিবলৈ দিয়ে।
