বাৰ্বিকিউ নেচন হস্পিটেলিটী লিমিটেড-এ বুধবাৰে শিলচৰৰ প্ৰমিলা স্কোৱেৰত নতুন আউটলেট মুকলি কৰি অসমত ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। বাৰ্বিকিউ নেচনৰ এয়া অসমত ব্ৰেণ্ডটোৰ তৃতীয়টো আউটলেট।
শিলচৰৰ কনকপুৰস্থিত প্ৰমিলা স্কোৱেৰৰ ব্লক-এ’ৰ তৃতীয় মহলাত অৱস্থিত এই নতুন আউটলেটটো ৩,০৭৯ বৰ্গফুট অঞ্চলজুৰি বিস্তৃত হৈ আছে আৰু ইয়াত একেলগে ৯৮ গৰাকী অতিথি বহাৰ সামৰ্থ্য আছে। পৰিয়ালৰ সমাৱেশ, কৰ্প’ৰেট লাঞ্চ আৰু অন্যান্য সামূহিক আহাৰ গ্ৰহণৰ অনুষ্ঠানসমূহৰ প্ৰয়োজন পূৰণ কৰাকৈ এই ৰেষ্টুৰেণ্টখন বিশেষ ধৰণে ডিজাইন কৰা হৈছে।
বাৰ্বিকিউ নেচন হস্পিটেলিটী লিমিটেডৰ আঞ্চলিক প্ৰবন্ধক (পূব) সুমন মুখাৰ্জীয়ে এই বিষয়ে কয় যে, কোম্পানীটোৱে অসমত নিজৰ সম্প্ৰসাৰণ অব্যাহত ৰাখিবলৈ পাই আনন্দিত হৈছে আৰু গ্ৰাহকসকলক প্ৰতিষ্ঠানটোৰ আতিথ্য তথা উৎকৃষ্ট সেৱাৰে আদৰণি জনাবলৈ আগ্ৰহেৰে বাট চাই আছে।
এই আউটলেটটোৱে ব্ৰেণ্ডটোৰ বিখ্যাত অল-ইউ-কেন-ইট বুফে সেৱা আগবঢ়াব, য’ত ষ্টাৰ্টাৰ, মেইন কোৰ্চ, মিঠাই আৰু লাইভ কাউণ্টাৰত নিৰামিষ তথা আমিষ উভয় ধৰণৰ সুস্বাদু খাদ্য উপলব্ধ হ’ব। খাদ্যৰ মেনুত পনীৰ টিক্কা, চিকেনৰ বিভিন্ন জুতি, ফিচ ফিংগাৰ, নিৰামিষ আৰু চিকেন বিৰিয়ানী, দাল তড়কা, ডুম কা মুৰ্গ, ছেমিয়া ক্ষীৰ, আঙুৰী গোলাপ জামুন আৰু বিভিন্ন প্ৰকাৰৰ আইচক্ৰীম অন্তৰ্ভুক্ত আছে। ইয়াৰ লগতে লাইভ কাউণ্টাৰত পানীপুৰী আৰু দহীপুৰীও পৰিৱেশন কৰা হ’ব।
২০০৬ চনত মুম্বাইত প্ৰতিষ্ঠা লাভ কৰা বৰ্বিকিউ নেচনে ভাৰতত প্ৰথমবাৰৰ বাবে লাইভ অন-দ্য-টেবুল গ্ৰিল ধাৰণাটোৰ সূচনা কৰিছিল। বৰ্তমান এই চেইন ৰেস্তোৰাঁখনে ভাৰত আৰু বিদেশৰ ৮১তকৈও অধিক চহৰত ২০০তকৈও অধিক আউটলেটত সেৱা আগবঢ়াই আছে।
