‘‘নিজৰ মাটিতে মই মৰিব খোজো ৷’’ দেশ এৰি পলায়ন কৰি থকা শ্বেখ হাছিনাই বাংলাদেশলৈ পুনৰ উভতি যোৱাৰ বাবে যো-জা চলাইছে বুলি ANI-ত প্ৰকাশ পাইছে ৷অৱশ্যে তেওঁ নিজৰ দেশলৈ উভতি অহাৰ পৰিকল্পনা সন্দৰ্ভত ঢাকাৰ বৰ্তমানৰ কৰ্তৃপক্ষৰ সৈতে কোনো আলোচনা হোৱা নাই । শ্বেখ হাছিনাই কয়, “মই উভতি আহিলে তেওঁলোকে মোক গ্ৰেপ্তাৰ কৰিব পাৰে, আনকি মোক হত্যা কৰিব পাৰে । তথাপিও মই ঘৰৰ মাটিলৈ উভতি যাব লাগিব ।”তেওঁ কয়, “মোৰ দলৰ নেতা-কৰ্মীসকলৰ ওপৰত অত্যধিক হেঁচা পৰিছে । যদি মৃত্যু আহে তেন্তে মই বিচাৰো যে সেয়া মোৰ মাতৃভূমিতেই হওক, য ঠাইত মোৰ পিতৃ-মাতৃক সমাধিস্থ কৰা হৈছিল আৰু যিঠাইত তেওঁলোকৰ তেজ বৈছিল ।”
