বন্ধন লাৰ্জ কেপ ফাণ্ডে সম্পূৰ্ণ কৰিলে ২০ বছৰ। দুটা দশকৰ জৰিয়তে এই ফাণ্ডে স্থিৰতা, নিয়ন্ত্ৰিত পৰ্টফলিঅ’ পৰিচালনা আৰু অৰ্থনৈতিকভাৱে সুদৃঢ় লাৰ্জ-কেপ প্ৰতিষ্ঠানবোৰত বিনিয়োগৰ জৰিয়তে সম্পদ সৃষ্টিৰ এক দীৰ্ঘম্যাদী যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰিছে। ফাণ্ড কৰ্তৃপক্ষই জনোৱা মতে, বজাৰৰ বিভিন্ন উত্থান-পতন, তাৰতম্য আৰু অৰ্থনৈতিক প্ৰসাৰৰ সময়ছোৱাক অতিক্ৰমি ধাৰাবাহিক বিকাশ প্ৰদান কৰিব পৰা গুণগত ব্যৱসায়সমূহৰ ওপৰত এই ফাণ্ডে সদায় গুৰুত্ব দি আহিছে।
এই ফাণ্ডে নিজৰ ব্যৱসায়, পৰিচালনা আৰু মূল্যায়ন চমুকৈ বিএমভি(বিজনেছ, মেনেজমেণ্ট আৰু ভেল্য়ুৱেচন) বিনিয়োগ নীতি অনুসৰণ কৰে। ইয়াৰ অধীনত সুপ্ৰতিষ্ঠিত ব্যৱসায়িক মডেল, সঠিক কৰ্পৰেট প্ৰশাসন, শক্তিশালী পৰিচালনা গোট আৰু যুক্তিসংগত মূল্যায়ন থকা কোম্পানীসমূহক বাছনি কৰা হয়। ইয়াৰ উপৰিও, ষ্টক বাছনিৰ বাবে পাঁচটা মাপকাঠিৰ এক অনন্য প্ৰক্ৰিয়া ব্যৱহাৰ কৰে; য’ত ইকুইটিৰ ওপৰত লাভ, দীৰ্ঘম্যাদী বিকাশৰ সম্ভাৱনা, মূলধন আবণ্টন, পৰিচালনা কাৰ্যকৰীকৰণ আৰু উপাৰ্জনৰ পূৰ্বানুমানযোগ্যতা মূল্যায়ন কৰা হয়। মুখ্য ধাৰাত এক লাৰ্জ-কেপ পৰ্টফলিঅ’ বজাই ৰখাৰ লগতে এই আঁচনিখনত মূল্যায়নৰ ভাল সুযোগ থাকিলে মিড্ আৰু স্মল-কেপ ষ্টকবোৰত ২০ শতাংশ পৰ্যন্ত বিনিয়োগ কৰাৰ সুবিধা আছে।
ফাণ্ডটোৰ মতে, বৰ্তমানৰ বজাৰৰ পৰিৱেশে লাৰ্জ-কেপ বিনিয়োগৰ প্ৰয়োজনীয়তা অধিক শক্তিশালী কৰি তুলিছে। এই পুঁজিয়ে উল্লেখ কৰিছে যে নিফটি ১০০-এ ২০২৬ চনৰ মে’ মাহলৈকে ২১.১ গুণ মূল্য-উপাৰ্জনৰ গুণিতকত ব্যৱসায় কৰি আছিল, যি নিজৰ পাঁচ বছৰীয়া গড় ২৪.৫তকৈ কম আছিল। আনহাতে মিড্ আৰু স্মল-কেপ খণ্ডসমূহে তুলনামূলকভাৱে অধিক মূল্যায়নত ব্যৱসায় অব্যাহত ৰাখিছে। এই ফাণ্ডে কয় যে মূল্যায়ণৰ এই ব্যৱধানে বিনিয়োগকাৰীসকলক পৰ্টফলিঅ’ৰ স্থিৰতাৰ সৈতে দীৰ্ঘম্যাদী বিকাশৰ ভাৰসাম্য ৰক্ষাৰ এক সুযোগ প্ৰদান কৰে।
গুৱাহাটী মহানগৰীত বিত্তীয় উপদেষ্টা আৰু মিউচুৱেল ফাণ্ড বিতৰকসকলে কয় যে বজাৰৰ তীব্ৰ তাৰতম্যৰ মাজত চহৰখনৰ বিনিয়োগকাৰীসকলে ক্ৰমান্বয়ে বৈচিত্ৰ্যময় আৰু তুলনামূলকভাৱে স্থিৰ বিনিয়োগৰ বিকল্পসমূহ পছন্দ কৰিবলৈ লৈছে। ৰাজ্যজুৰি মিউচুৱেল ফাণ্ডত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি পোৱাৰ লগে লগে ধাৰাবাহিক ৰিটাৰ্ন, নিয়ন্ত্ৰিত বিপদাশংকা ব্যৱস্থাপনা আৰু ভাৰতৰ দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশৰ অংশীদাৰ হ’ব বিচৰা প্ৰথমবাৰলৈ বিনিয়োগ কৰা তথা দীৰ্ঘম্যাদী বিনিয়োগকাৰীসকলৰ মাজত লাৰ্জ-কেপকেন্দ্ৰিক আঁচনিসমূহে বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
