বাজাজ ফিনচাৰ্ভ মিউচুৱেল ফাণ্ডৰ ধ্বজাবাহী প্লেন বাজাজ ফিনচাৰ্ভ ফ্লেক্সি কেপ ফাণ্ডে সফলতাৰে ৩ বছৰ সম্পূৰ্ণ কৰিছে। ২০২৩ চনৰ ১৪ আগষ্টত মুকলি হোৱা এই ফাণ্ডৰ ডাইৰেক্ট প্লেন-গ্ৰওথ বিকল্পই ২০২৬ চনৰ ১৩ আগষ্ট পৰ্যন্ত ১৮.২১% চিএজিআৰ ৰিটাৰ্ন দিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে, একে সময়ছোৱাত বেঞ্চমাৰ্ক বিএছই ৫০০ টিআৰআই-এ ১২.৭৪% ৰিটাৰ্ন দিছে। আনহাতে, ফাণ্ডৰ ৰেগুলাৰ প্লেন-গ্ৰওথ বিকল্পই একে সময়ছোৱাতে ১৬.৫৯% চিএজিআৰ লাভ প্ৰদান কৰিছে। সমগ্ৰ বজাৰ চক্ৰটোৰ কথা ক’বলৈ গ’লে, ডাইৰেক্ট প্লেনে ৬৫.২% এবচল্যুট ৰিটাৰ্ন লাভ কৰিছে, যি বেঞ্চমাৰ্কৰ ৪৩.৩%তকৈ বহু বেছি। একে সময়তে ৰেগুলাৰ প্লেনে ৫৮.৫% ৰিটাৰ্ন দিবলৈ সক্ষম হৈছে। এই প্লেন আৰম্ভ হোৱাৰ সময়ত ডাইৰেক্ট প্লেনত কৰা ১০,০০০ টকাৰ বিনিয়োগ বৰ্তমান বৃদ্ধি হৈ ১৬,৫১৩ টকা হৈছেগৈ, যি বিএছই ৫০০ টিআৰআইত ১৪,৩২৫ টকা আৰু নিফটি ৫০ টিআৰআইত ১৩,০০৩ টকা হ’লহেঁতেন।
২০২৬ চনৰ ৩১ জুলাই পৰ্যন্ত, ৩,২২,২৩১টা বিনিয়োগকাৰী ফলিঅ’ৰ জৰিয়তে এই প্লেনৰ অধীনত থকা মুঠ সম্পদৰ পৰিমাণ হৈছে ৮,১৪৯.৮১ কোটি টকা। প্ৰতিষ্ঠানটোৰ বিপদাশংকা-সমন্বিত প্ৰফাইলৰ ভিতৰত শ্বাৰ্প ৰেচিঅ’ ০.৮২, ষ্টেণ্ডাৰ্ড ডেভিয়েচন ১৩.২৪ আৰু জেনচেনছ আলফা হৈছে ৪.৪৮%। ফাণ্ডৰ এই চমকপ্ৰদ প্ৰদৰ্শন এনে এটা সময়ত দেখা গৈছে, যেতিয়া গুৱাহাটী তথা সমগ্ৰ অসমৰ বিনিয়োগকাৰীসকলৰ মাজত বৈচিত্ৰ্যপূৰ্ণ ইকুইটি প্ৰডাক্টৰ প্ৰতি আগ্ৰহ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইয়াত বিনিয়োগকাৰীসকলে ক্ৰমান্বয়ে এনে পেচাদাৰীভাৱে পৰিচালিত বিকল্পৰ সন্ধান কৰিছে, যিবোৰে লার্জ-কেপ, মিড-কেপ আৰু স্মল-কেপ—এই তিনিওটা খণ্ডতে অংশগ্ৰহণ কৰিব পাৰে আৰু বজাৰৰ পৰিৱৰ্তনশীল চক্ৰৰ সৈতে নিজকে খাপ খুৱাই লব পাৰে।
এই ফাণ্ডে এটা বিশেষ মেগাট্ৰেণ্ডছ কৌশল অনুসৰণ কৰে, যিয়ে প্ৰযুক্তি, নিয়ামক পদক্ষেপ, অৰ্থনৈতিক পৰিৱৰ্তন, বহনক্ষমতা, জনগাঁথনি আৰু সামাজিক পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব দিয়ে। লগতে বিনিয়োগসমূহ স্বাস্থ্যসেৱা, শক্তিৰ পৰিৱৰ্তন, বৈদ্যুতিকীকৰণ, প্ৰেচিচন ইঞ্জিনিয়াৰিং, উৎপাদন আৰু অন্যান্য উদীয়মান বিষয়সমূহৰ মাজত প্ৰসাৰিত হৈ আছে। বাজাজ এছেট মেনেজমেণ্টৰ পৰিচালন সঞ্চালক গণেশ মোহনে কয় যে, এই সফলতাৰ মাইলৰ খুঁটিয়ে ফাণ্ডৰ ব্যতিক্ৰমী আৰু পৃথক দৃষ্টিভংগীৰ প্ৰতি বিনিয়োগকাৰীৰ আস্থা প্ৰতিফলিত কৰে। আনহাতে, মুখ্য বিনিয়োগ বিষয়া নিমেশ চন্দনে কয় যে আমাৰ কৌশল সদায় দীৰ্ঘম্যাদী গাঁথনিগত ট্ৰেণ্ড আৰু গুণগত মানদণ্ডৰ ব্যৱসায়সমূহ চিনাক্ত কৰাৰ ওপৰত কেন্দ্ৰীকৃত হৈ থাকিব।
