বাজাজ এলিয়াঞ্জ লাইফে পলিচীহল্ডাৰৰৰ বাবে আগবঢ়াইছে অভিলেখসংখ্যক বোনাচ, লাভৰ পৰিমাণ ১,৩৮৩ কোটি টকালৈ বৃদ্ধি

688

বাজাজ এলিয়াঞ্জ লাইফে পলিচীহল্ডাৰসকলৰ বাবে এইবাৰ সৰ্বোচ্চ বোনাচ ঘোষণা কৰিছে, যিয়ে ১১.৬৬ লাখৰো অধিক পলিচীধাৰকক উপকৃত কৰিব। ২০২৪ বিত্তীয় বৰ্ষৰ বাবে ১,৩৮৩ কোটি টকাৰ উল্লেখনীয় বোনাচ ঘোষণা কৰিছে, এই বোনাচ কোম্পানীটোৱে একেৰাহে ২৩ বছৰ ধৰি আগবঢ়াই আহিছে।

পৰম্পৰাগত অংশগ্ৰহণকাৰী (লাভৰ সৈতে) পলিচী গ্ৰহণ কৰা পলিচীধাৰকসকল এই বোনাচৰ বাবে যোগ্য হ’ব, যি অংশগ্ৰহণকাৰী (লাভৰ সৈতে) পুঁজিৰ অধীনত উৎপন্ন হোৱা অতিৰিক্ত পৰিমাণ বা ধনৰ পৰা উদ্ভৱ হয়। ২০২৪ৰ ৩১ মাৰ্চলৈকে প্ৰযোজ্য সকলো পলিচীতে এই গুৰুত্বপূৰ্ণ বোনাচ প্ৰাপ্ত কৰাৰ সুযোগ লাভ কৰিব, যাৰ ভিতৰত আছে বাজাজ এলিয়াঞ্জ লাইফ ফ্লেক্সি ইনকাম গ’ল, বাজাজ এলিয়াঞ্জ এলিট এছ্যুৰ আৰু বাজাজ এলিয়াঞ্জ লাইফ এচ ইত্যাদি।

এইবাৰৰ বানচ পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ১৫% যথেষ্ট বৃদ্ধি কৰা হৈছে, এই ধনৰ পৰিমাণ হৈছে ১,২০১ কোটি টকা। এই যুগান্তকাৰী মাইলৰ খুঁটিৰ বিষয়ে সন্তুষ্টি প্ৰকাশ কৰি বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সৰ এমডি এণ্ড চিইঅ’ তৰুণ চুঘে কয় যে, “আমি দুটা দশকৰো অধিক সময়ৰ আমাৰ সমৃদ্ধ ইতিহাসত অন্যতম সৰ্বোচ্চ বোনাচৰ কথা ঘোষণা কৰিবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ। এয়া গ্ৰাহকসকলৰ দীৰ্ঘম্যাদী জীৱনৰ লক্ষ্যবোৰ সকলো ধৰণে সক্ষম কৰাৰ ওপৰত আমি দিয়া গুৰুত্বৰ প্ৰতিফলন।” প্ৰতিটো বিত্তীয় বৰ্ষত আগবঢ়োৱা বোনাচ জমা হয় আৰু পলিচীৰ ম্যাদপুৰ্তি(মেচিয়ৰিটী) বা প্ৰস্থান(এক্সিট)ৰ পিছত বিতৰণ কৰা হয়। ইয়াৰ লগতে পলিচীৰ চৰ্তাৱলী অনুসৰি নিৰ্দিষ্ট পলিচী ইভেণ্টত নগদ বোনাচ বিতৰণ কৰা হ’ব।