আইপিএলত চমক সৃষ্টিৰ বাবে এইবাৰ ভাৰতীয় মূল ক্ৰিকেট দলত অভিষেক ঘটাবলৈ সাজু হৈছে ক্ৰিকেটৰ নতুন সম্ভাৱনা, ‘বেবী বছ’ খ্যাত বৈভৱ সূৰ্যবংশী। মাত্ৰ ১৫ বছৰ বয়সতে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰি এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে বৈভৱে। ক্ৰিকেটৰ ভগৱানখ্যাত শচীন তেণ্ডুলকাৰৰ সৰ্বকনিষ্ঠ খেলুৱৈৰ অভিলেখ ভংগ কৰি মাত্ৰ ১৫ বছৰ বয়সতে পুৰুষ টি-২০ ক্ৰিকেট দললৈ নিৰ্বাচিত হয় বৈভৱ সুৰ্যবংশী।
আই পি এল ২০২৬ বৰ্ষৰ সংস্কৰণত ৰাষ্ট্ৰীয় দলৰ বাছনিকৰণৰ বাবে ৰাজস্থান ৰয়েলছৰ হৈ প্ৰদৰ্শন কৰা ধাৰাবাহিকতাই মুখ্য ভূমিকা গ্ৰহণ কৰে। এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ প্ৰসংগত মুখ্য নিৰ্বাচক অজিত আগৰকাৰে কয় যে বৰ্তমান সময়ৰ টি-২০ ক্ৰিকেটত প্ৰচুৰ প্ৰতিভাৰ মাজতো বৈভৱ সূৰ্যবংশীয়ে নিজৰ উন্নত প্ৰদৰ্শনৰ জৰিয়তে দলত স্থান নিশ্চিত কৰিছে।
বিহাৰত জন্মগ্ৰহণ কৰা বাওঁহাতীয়া এই আক্ৰমণাত্মক অপেনাৰজনে বিভিন্ন বয়সৰ ক্ৰিকেটত অংশ লৈ নিজৰ খেলৰ দ্ৰুত উন্নতি সাধন কৰাৰ লগতে ভাৰতীয় অনুৰ্ধ-১৯ দলৰ হৈ খেলি ৰাষ্ট্ৰীয় পৰ্যায়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ৰাজস্থান ৰয়েলছ দলে চুক্তিবদ্ধ কৰাৰ পিছতে আই পি এল খেলা সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে ইতিহাস সৃষ্টি কৰিছিল সূৰ্যবংশীয়ে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বলাৰসকলৰ বিৰুদ্ধে খেলা তেওঁৰ নিৰ্ভীক বেটিঙে তেওঁক কম দিনৰ ভিতৰতে এগৰাকী সম্ভাৱনাপূৰ্ণ খেলুৱৈ হিচাপে নিশ্চিত কৰাইছিল।
কিশোৰ ক্ৰিকেটাৰজনৰ খেলৰ প্ৰকৃত চমক দেখা গৈছিল ২০২৬ বৰ্ষৰ আই পি এলৰ বেটিং তালিকাখনত। ১৬খন ইনিংছ খেলি ৪৮.৫০ গড়ে আৰু ২৩৭.৩০ ষ্ট্ৰাইক ৰেটেৰে সৰ্বাধিক ৭৭৬ ৰান সংগ্ৰহ কৰি অৰেঞ্জ কেপ অৰ্জন কৰে উদীয়মান খেলুৱৈজনে। ইয়াৰ লগতে প্ৰতিযোগিতাখনৰ ‘ম’ষ্ট ভেলুৱেবল প্লেয়াৰ’, ‘ইমাৰ্জিং প্লেয়াৰ অৱ দি চিজন’, ‘ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দি চিজন’ আৰু ‘ছুপাৰ ছিক্সাৰ অৱ দি চিজন’ৰ খিতাপো অৰ্জন কৰে সূৰ্যবংশীয়ে।
চলিত বৰ্ষৰ খেলখনত তেওঁৰ শক্তিশালী বেটিঙে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছিল। পূৰ্বতে ক্ৰীছ গেইলৰ নামত থকা অভিলেখ ভংগ কৰি এটা সংস্কৰণতে সৰ্বাধিক ৭২টা ছিক্সাৰ কোবোৱাৰ নতুন অভিলেখ গঢ়িলে কিহোৰ বেটাৰজনে। তেওঁৰ এই সফল খেলুৱৈ জীৱনৰ কেম্পেইনত ১০৩ ৰানৰ এটা ধ্বংসাত্মক ইনিংছ অন্তৰ্ভুক্ত আছিল, যিয়ে তেওঁক টি-২০ ক্ৰিকেটৰ অন্যতম মাৰমুখী যুৱ বেটাৰ হিচাপে প্ৰতিষ্ঠা কৰে।
আই পি এলৰ এই সফলতাৰ পূৰ্বেও যুৱ ক্ৰিকেটত সূৰ্যবংশীৰ এক শক্তিশালী কেৰিয়াৰৰ অভিলেখ আছিল। ভাৰতীয় অনুৰ্ধ-১৯ দলৰ হৈ খেলাৰ উপৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেওঁ ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি শীৰ্ষ ক্ৰমত দলক স্থিৰতা প্ৰদান কৰি আহিছে। মাত্ৰ ১৫ বছৰ বয়সতে লাভ কৰা এই ৰাষ্ট্ৰীয় দলৰ সুযোগে খেলুৱৈগৰাকীৰ কেৰিয়াৰত কেইবাটাও নতুন অভিলেখৰ সূচনা কৰাটো স্পষ্ট হৈ পৰিছে।
