আনএকাডেমীত যোগদান ভাৰতৰ প্ৰখ্যাত ইউপিএছচি শিক্ষাবিদ অৱধ ওজাৰ

877

ভাৰতৰ সৰ্ববৃহৎ শিক্ষণ প্লেটফৰ্ম আনএকাডেমীয়ে আজি ঘোষণা কৰিছে যে ইউপিএছচিৰ অন্যতম আগশাৰীৰ শিক্ষাবিদ অৱধ ওজাই প্ৰতিষ্ঠানটোত ভাইচ প্ৰেচিডেণ্ট হিচাপে যোগদান কৰিছে। অৱধ ওজাই নতুন দিল্লীৰ ইউপিএছচিৰ আনএকাডেমী কেন্দ্ৰত বিশেষভাৱে শিক্ষা প্ৰদান কৰিব। তেওঁৰ পাঠদান অনলাইন আনএকাডেমী প্লেটফৰ্মতো লাইভ-ষ্ট্ৰীম কৰা হ’ব। তেওঁ আনএকাডেমী কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীক ইতিহাসৰ বিষয়ে শিকাব আৰু অনলাইন আনএকাডেমী প্লেটফৰ্মত ইউপিএছচি শিক্ষাৰ্থীসকলক পৰামৰ্শ প্ৰদান কৰিব। একেৰাহে প্ৰায় দুটা দশক জুৰি শৈক্ষিক অভিজ্ঞতাৰ সৈতে জড়িত অৱধ ওজাই শিক্ষাৰ্থীসকলক তেওঁৰ বিশেষভাবে প্ৰতিষ্ঠিত শিক্ষা পদ্ধতি শিক্ষাৰ্থীক প্ৰদান কৰিব।

“আনএকাডেমীত আমাৰ সদায়ে সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈছে আমাৰ শিক্ষাৰ্থীক আটাইতকৈ ব্যতিক্ৰমী শিক্ষাবিদসকলৰ শিক্ষাৰে  শিক্ষা প্ৰদান কৰা। আমি  নিজ নিজ ক্ষেত্ৰত প্ৰভাৱশালী পদক্ষেপ লোৱা শিক্ষাবিদসকলৰ সৈতে সহযোগিতা কৰি গৌৰৱবোধ কৰোঁ আৰু এই শিক্ষা সকলোৰে বাবে উপলব্ধ কৰাৰ বাবে সহযোগিতা কৰোঁ। ইউপিএছচি পৰীক্ষা ক্ষেত্ৰৰ এজন বিশিষ্ট শিক্ষাবিদ অৱধ ওজাক আনএকাডেমীলৈ স্বাগতম জনাই আমি আনন্দিত”, আনএকাডেমীৰ মুখ্য পৰিচালন বিষয়া(চীফ অপাৰেটিং অফিচৰ) বিবেক সিনহাই এই মন্তব্য কৰে। “ইয়াৰ আঁৰৰ কাৰণ, শিক্ষা হৈছে মনটোক জাগ্ৰত কৰা বিষয়, আনহাতে প্ৰতিযোগিতাই ইয়াৰ সম্ভাৱনা পৰীক্ষা কৰাত সহায় কৰে। মই সকলো শিক্ষাৰ্থীৰ ক্ষেত্ৰত দুয়োটা বিষয় আগতকৈ উন্নত কৰিবলৈ সক্ষম হ’ম বুলি আশা কৰোঁ। আনএকাডেমীয়ে ভাৰতৰ শিকাৰ ধৰণত বৈপ্লৱিক পৰিৱৰ্তন আনিছে আৰু সকলোৰে বাবে শিক্ষাক গণতান্ত্ৰিক বা সাৰ্বজনীন কৰাৰ এই অভিযানৰ অংশ হ’বলৈ পাই মই উৎসাহিত। এই প্লেটফৰ্মত এজন শিক্ষাবিদ হিচাপে, মই শিক্ষাৰ্থীসকলক সৰ্বোত্তম সম্ভৱপৰ সকলো জ্ঞান আৰু নিৰ্দেশনা প্ৰদান কৰি অসামৰিক বিষয়া হোৱাৰ সপোন প্ৰাপ্ত কৰাত সহায় কৰাৰ সুযোগ পাইছোঁ, আনএকাডেমীৰ কেন্দ্ৰসমূহৰ ভাইচ-প্ৰেচিডেণ্ট অৱধ ওজাই কয়।

অৱধ ওজাই ৫,০০,০০০ৰো অধিক ইউপিএছচি পৰীক্ষাৰ্থীক পৰামৰ্শ প্ৰদান কৰিছে আৰু ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাই থকা শ শ প্ৰাৰ্থীক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰস্তুত কৰিছে। ইতিহাসৰ ওপৰত থকা তেওঁৰ গভীৰ জ্ঞানে শিকিবলৈ আগ্ৰহ থকা সকলো স্তৰৰ শিক্ষাৰ্থীৰ সৈতে তেওঁ ভাগ-বতৰা কৰিবলৈ আগ্ৰহী আৰু তেওঁৰ কৌশলে সকলোকে উপকৃত কৰিব। অৱধ ওজাৰ দ্বাৰা পৰিচালিত হ’ব লগা শ্ৰেণীসমূহ ১৫ মে’ৰ পৰা আনএকাডেমী কেন্দ্ৰ আৰু অনলাইন প্লেটফৰ্মত (আনএকাডেমী এপ আৰু ৱেবছাইট) আৰম্ভ হ’ব। আনএকাডেমী কেন্দ্ৰটো অৱস্থিত প্লট 3-বি, তৃতীয় মহলা, খণ্ড 18 এ, ডব্লিউইএ, কৰোল বাগ, দিল্লী, 110005ত।