৬ সহকৰ্মীৰ ওপৰত গুলীচালনা কৰি মণিপুৰত অসম ৰাইফলছ জোৱানৰ আত্মহত্যা

465

মণিপুৰত নিয়োজিত অসম ৰাইফলছৰ এজন জোৱানে ইণ্ডো-ম্যানমাৰ সীমান্তৰ ওচৰত নিজকে গুলীয়াই হত্যা কৰাৰ পূৰ্বে ছয়জন সহকৰ্মীৰ ওপৰত গুলীচালনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে, বুধবাৰে পুৱা এই ঘটনাৰ পিছত অসম ৰাইফলছে স্পষ্ট কৰি দিয়ে যে ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাৰ সৈতে বিষয়টোৰ কোনো সম্পৰ্ক নাই।

সূত্ৰসমূহৰ পৰা পোৱা তথ্য অনুসৰি, ঘটনাটো বুধবাৰে ৰাতিপুৱা সংঘটিত হয় ,যেতিয়া জোৱানজনে ছুটি কটোৱাৰ পিছত চুৰাচান্দপুৰৰ ঘৰৰ পৰা উভতি আহিছিল। ঘটনাটো ভাৰত-ম্যানমাৰৰ ওচৰৰ দক্ষিণ মণিপুৰৰ অসম ৰাইফলছ বেটেলিয়নৰ ভিতৰত সংঘটিত হয়।

ঘটনাটোৰ তথ্য স্থানীয় আৰক্ষীক দিয়া হৈছে আৰু নিৰাপত্তা বাহিনীৰ সহায়ত আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। গুলীচালনাৰ বাবে ব্যৱহৃত ৰাইফলটো জিম্মাত লোৱা হৈছে আৰু তদন্ত আৰম্ভ হৈছে। আৰক্ষীসূত্ৰই জনাইছে যে গুলীচালনাৰ পিছত আত্মহত্যা কৰা জোৱানজনৰ ম’বাইল জব্দ কৰা হৈছে, যাতে অন্তিম বাৰ্তালাপটো অনুসৰণ কৰিব পৰা যায়।