ৰাজ্য কেবিনেটে শুক্ৰবাৰে ‘অসম সংকুচিত বায়’গেছ (CBG) নীতি, ২০২৬’ অনুমোদন জনাইছে। পৰিষ্কাৰ শক্তিৰ প্ৰচাৰ আৰু ৰাজ্যত এই খণ্ডৰ উন্নয়নৰ বাবে এক সামগ্ৰিক কাঠামো গঠন কৰাই এই নীতিৰ লক্ষ্য।
কেন্দ্ৰৰ Model State CBG Policy ৰ সৈতে সংগতি ৰাখি এই নীতি প্ৰস্তুত কৰা হৈছে। ৰাজ্যৰ জৈৱিক আৱৰ্জনাক পৰিষ্কাৰ শক্তিলৈ ৰূপান্তৰিত কৰাৰ বাবে এই সামগ্ৰিক কাঠামো ডিজাইন কৰা হৈছে।
নীতিৰ মুখ্য দিশসমূহ: ন’ডেল এজেন্সী: Commissionerate of Industries and Commerce ক ৰাজ্যিক ন’ডেল এজেন্সী হিচাপে নিযুক্তি দিয়া হৈছে। ই নীতিৰ অধিসূচনা জাৰি কৰা আৰু সময়সীমাৰ ভিতৰত প্ৰকল্প ৰূপায়ণৰ বাবে Single Window Portal পৰিচালনা কৰাৰ দায়িত্বত থাকিব।
বিত্তীয় প্ৰণোদনা: নীতিৰ অধীনত এক সামগ্ৰিক প্ৰণোদনা কাঠামো আছে।
Capital Subsidy: স্থাপিত ক্ষমতাৰ প্ৰতি TPD ৰ বাবে ০.৫০ কোটি টকা। প্ৰতিটো প্ৰকল্পৰ বাবে সৰ্বাধিক ২০ কোটি টকা।
Power Tariff Support: ৫ বছৰলৈকে প্ৰতি ইউনিটত ২ টকাৰ সাহায্য।
ভূমি আৰু ৰাজহ সহায়:
Dedicated Land Bank ৰ জৰিয়তে ভূমি বৰাদ্দ
চৰকাৰী ভূমি ৰেহাই মূল্যত লিজ
পঞ্চায়তৰ ভূমি লিজৰ সুবিধা
Stamp Duty, Registration Fee আৰু Land Conversion Charges ৰ পৰা ৰেহাই
৫ বছৰলৈকে Net SGST ৰ ১০% লৈকে প্ৰত্যৰ্পণ
Term Loan ৰ ওপৰত সুদৰ ৰেহাই
- আন সহায়:
○ Biomass Aggregation Machine ৰ বাবে Subsidy
○ Pollution Control Equipment ৰ বাবে Subsidy
○ Patent/Trademark ৰ বাবে প্ৰত্যৰ্পণ
○ Employment Incentives
এই নীতিয়ে ৰাজ্যৰ আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কৰি পৰিৱেশ সুৰক্ষাৰ লগতে উদ্যোগ আৰু নিয়োগ সৃষ্টিতো সহায় কৰিব বুলি আশা কৰা হৈছে।
