অসমত পূৰ্বৰ দৰেই বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী । কলগাছিয়া আৰক্ষীৰ অভিযানত ১৭ অভিযুক্তক গ্ৰেপ্তাৰ । এই পদক্ষেপক আদৰণি জনাইছে আমছুৱে ।প্ৰাপ্ত তথ্য অনুসৰি, কলগাছিয়া আৰক্ষী থানাৰ বিষয়া বিদ্যুৎ ঠাকুৰীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা বিশেষ দলে নিশাটোৰ ভিতৰতে বিভিন্ন গাঁৱত এই অভিযান চলায় । আৰক্ষীৰ এই মাৰাথন অভিযানত দাৱনদিয়া, বালিকুৰি, জনতা, বালাৰপাথাৰ, খাৰবাল্লী আৰু উদমাৰী গাঁৱৰ পৰা বাল্যবিবাহৰ গোচৰত জড়িত থকাৰ অভিযোগত ১৭ জনকৈ লোকক কৰায়ত্ত কৰা হয় । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ধৃত লোকসকলৰ ভিতৰত বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত এলেকাৰ ৭ গৰাকী, মইনবড়ী আৰক্ষী চকীৰ ২ গৰাকী, বৰভিঠা আৰক্ষী চকীৰ ৩ গৰাকী আৰু কলগাছিয়া থানাৰ নিজা এলেকাৰ ৫ গৰাকী লোক আছে । চৰকাৰৰ এনে কঠোৰ পদক্ষেপ আৰু ব্যাপক সজাগতা অভিযানৰ পাছতো একাংশ লোকে আইনক বুঢ়া আঙুলি দেখুৱাই বাল্যবিবাহ অব্যাহত ৰখাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চৰ্চা আৰু উদ্বেগৰ সৃষ্টি কৰিছে ।
