আৰ্য ইৰেক্টৰছ ভাৰতৰ নতুন প্ৰকল্প ‘আৰ্য আৰ্কেড’

489

আৰ্য ইৰেক্টৰছ ইণ্ডিয়া প্রাইভেট লিমিটেড, গুৱাহাটীৰ এক নামজ্বলা ৰিয়েল এষ্টেট কোম্পানীয়ে…… গুৱাহাটীৰ হোটেল ভিভান্তাত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত তেওঁলোকৰ নতুন প্রজেক্ট ‘আর্য আর্কেড’ শিলান্যাস কৰাৰ কথা ঘোষণা কৰে। কেইবাজনো বিশিষ্ট ব্যক্তি আৰু বৰ্তমান সম্ভাব্য গ্রাহকৰ উপস্থিতিত এই কথা ঘোষণা কৰে। এইমছ গুৱাহাটীৰ সমীপৰ চাংসাৰি স্থিত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত এই প্রকল্পটো ম’ল, চিনেপ্লেক্স, বিজনেছ ক্লাছ হোটেল, বাণিজ্যিক স্থান, বহু ব্যৱস্থাপনাৰ আৱাসিক এপার্টমেন্টেৰে গঠিত এক সংহত বাণিজ্যিক সহ আৱাসিক প্রকল্প হিচাপে ডিজাইন কৰা হৈছে।

কোম্পানীটোৰ বিষয়াসকলৰ মতে, ‘এই প্রকল্পটো এনে এক শিল্পকর্ম য’ত বাসগৃহ, ব্যৱসায়, বজাৰ কৰাৰ লগত বিকল্প অনুষ্ঠান আৰু মনোৰঞ্জনৰ এক সুন্দৰ সংমিশ্রণ একেলগে আছে। প্রকল্পটোৰ এটা ডাঙৰ সুবিধা হ’ল ইয়াৰ স্থান। গুৱাহাটীৰ যান-জটৰ পৰিস্থিতি মুক্ত কৰাৰ স্বাৰ্থত উত্তৰ গুৱাহাটীৰ উন্নয়নক যি অধিক গুৰুত্ব দিয়া হৈছে, তাৰ লগে লগে চাংসাৰি অতি সোনকালে এই অঞ্চলৰ এক গুৰুত্বপূৰ্ণ ব্যৱসায়িক কেন্দ্র হিচাপে পৰিগণিত হ’ব। কৌশলগতভাৱে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঠিক ওপৰত, মূল চাংছাৰী পইণ্টত অৱস্থিত এই প্রকল্পটো এইমছৰ পৰা মাত্ৰ প্রায় ৫০০ মিটাৰ দূৰত্বত আৰু নাৰায়ণ ছুপাৰ-স্পেচিয়েলিটি হাস্পতাল আৰু জিএনআৰচি চিকিৎসালয়ৰ দৰে অন্যান্য ডাঙৰ চিকিৎসালয়ৰ ওচৰত। কেইবাখনো ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়ও অতি কাষতে আছে, যেনে- বন্দ্য আন্তর্জাতিক বিদ্যালয়, সৰলা বিৰলা জ্ঞানজ্যোতি, ফেকাল্টি উচ্চতৰ মাধ্যমিক বিদ্যালয়, আই আই টি গুৱাহাটী, এইমছ, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, উত্তৰ গুৱাহাটী মহাবিদ্যালয়, আর্য নার্চিং মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ড° ভূপেন হাজৰিকা আঞ্চলিক, চলচ্চিত্ৰ আৰু টেলিভিছন প্রতিষ্ঠান, NIPER, CIPET, উপ আয়ুক্তৰ কাৰ্যালয় আৰু আন বহুতো, এই সকলোবোৰ প্ৰকল্পৰ পৰা ৫-১০ মিনিটৰ দূৰত্বৰ ভিতৰত অৱস্থিত। এই প্রকল্পটোৰ পৰা চাংসাৰি ৰেলৱে ষ্টেচনলৈ দূৰত্ব মাত্র ১.০ কিলোমিটাৰ।

তদুপৰি আমি আমাৰ প্ৰকল্পত কম সময়ৰ বাবে থকাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এখন বিজনেছ ক্লাছ হোটেল আৰু দীর্ঘ সময়ৰ বাবে থকাৰ বাবে 1 BHK আৰু 2 BHK চার্ভিচড এপার্টমেণ্টৰটো অন্তর্ভুক্ত কৰিছোঁ। স্থায়ীভাৱে থকাৰ বাবে আমাৰ ওচৰত 2 BHK আৰু 3 BHK আবাসিক এপার্টমেণ্টৰ এটা সম্পূর্ণ ব্লকও আছে। বাসিন্দাসকলৰ বাবে ওচৰৰ স্থানীয় বজাৰ, সহজ যোগাযোগৰ সুবিধা, বেংক, শিক্ষানুষ্ঠান, ৰেলৱে ষ্টেচন আৰু সহজ সুলভ ৰাজহুৱা পৰিবহণৰ উপস্থিতিয়ে ইয়াত বসবাস কৰাতো সহায়ক হৈ উঠিব। কমার্চিয়েল ব্লকটোত এটা ম’ল থাকিব য’ত ডাঙৰ এংকৰ ষ্টোৰ, ভেনিলা ষ্টোৰ, ফুড ক’ৰ্ট, গেমিং জ’নৰ বাবে ঠাই আৰু লগতে ২ পৰ্দাৰ চিনেপ্লেক্স থাকিব যিয়ে এইটো কেৱল বজাৰ কৰা, মনোৰঞ্জন আৰু জিৰণি লোৱাৰ বাবেই নহয় এক অতি অনন্য আৰু সুবিধাজনক অনুভূতিৰ স্থান কৰি তুলিব বাসিন্দাসকলৰ বাবে। আর্য গ্রুপ অব কোম্পানীয়ে ২৮ বছৰতকৈও অধিক সময় ধৰি সদায় উল্লেখযোগ্য সামাজিক প্রাসংগিক প্ৰকল্পৰ সৈতে। জড়িত হৈ আছে আৰু এই প্ৰকল্পৰ জৰিয়তেও ৫০০-ৰ অধিক যুৱক-যুৱতীৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছে। সর্বোপৰি এই প্রকল্পই অদূৰ ভৱিষ্যতে গুৱাহাটী মহানগৰক ভিৰ মুক্ত কৰাৰ উদ্দেশ্যও পূৰণ কৰিব।