আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে ফিফা বিশ্বকাপ ২০২৬ৰ বাবে ২৬ জনীয়া দল ঘোষণা কৰিছে। লিয়নেল মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই নিজৰ খিতাপ ৰক্ষাৰ লক্ষ্য ৰাখিব। ব্ৰাজিলে শেষবাৰৰ বাবে ১৯৬২ চনত ফিফা বিশ্বকাপৰ খিতাপ ৰক্ষা কৰিছিল। তাৰ পিছৰ পৰা কোনো দলেই একেৰাহে দুবাৰকৈ বিশ্বকাপৰ ট্ৰফী দখল কৰিব পৰা নাই। মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই একেৰাহে দ্বিতীয়বাৰলৈ খিতাপ দখলৰ লক্ষ্য ৰাখিছে।
ইণ্টাৰ মিলানৰ ষ্ট্ৰাইকাৰ লাউটাৰো মাৰ্টিনেজ আৰু এটলেটিকো মাদ্রিদৰ জুলিয়ান আলভাৰেজে মেছিক সহায় কৰিব। কাটাৰ বিশ্বকাপৰ দলৰ অংশ নোহোৱা কিছু নতুন খেলুৱৈৰ ওপৰতো প্ৰশিক্ষক স্কাল’নীয়ে নিজৰ বিশ্বাস ৰাখিছে। ইয়াৰ ভিতৰত আছে ইউৰোপত তাৰকাময় ছিজন পাৰ কৰা ভেলেণ্টিন বাৰ্কো। জোচে মেনুৱেল লোপেজৰ নামো ঘোষণা কৰা হৈছে। ব্ৰাজিলৰ ক্লাব পালমেইৰাছৰ চেণ্টাৰ ফৰৱাৰ্ড আৰু প্ৰয়োজন হ’লে আলভাৰেজ আৰু মাৰ্টিনেজৰ বেকআপ হিচাপে কাম কৰিব পাৰে।
নিকো পাজকো এই দলত অন্তৰ্ভুক্ত কৰা হৈছে। লিয়নেল মেছিয়ে তেওঁৰ ষষ্ঠ বিশ্বকাপত খেলিব। ইণ্টাৰ মিয়ামিৰ হৈ শেষৰখন খেলৰ সময়ত মেছিয়ে অস্বস্তিৰ সন্মুখীন হোৱা দেখা গৈছিল আৰু খেলপথাৰ এৰিবলগীয়া হৈছিল। কিন্তু ক্লাবটোৱে কয় যে তেওঁৰ আঘাত গুৰুতৰ নহয়।
