ঈশ্বৰৰ দুৱাৰত ধন-সম্পদ, ক্ষমতা বা প্ৰতিপত্তিৰ কোনো পৃথক পৰিচয় নাথাকে, থাকে কেৱল বিশ্বাস, ভক্তি আৰু আত্মসমৰ্পণ। সেই চিৰন্তন সত্যক পুনৰ এবাৰ সজীৱ কৰিলে বিশ্বৰ অন্যতম ধনী উদ্যোগপতি অনন্ত আম্বানীয়ে।ৰবিবাৰে তেওঁ অন্ধ্ৰ প্ৰদেশৰ বিশ্ববিখ্যাত তিৰুমালা শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত নিজৰ চুলি দান কৰি শতিকাজুৰি চলি অহা পৰম্পৰাক সন্মান জনোৱাৰ লগতে সমাজসেৱা, পৰিৱেশ সংৰক্ষণ আৰু পশু কল্যাণৰ বাবে উল্লেখযোগ্য পদক্ষেপ ঘোষণা কৰি আধ্যাত্মিকতা আৰু দায়বদ্ধতাৰো এক অনন্য দৃষ্টান্ত দাঙি ধৰে।ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰাৰ পিছতে অনন্ত আম্বানীয়ে তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)লৈ প্ৰায় ২৭.৫ কোটি টকাৰ ২৫খন ইলেক্ট্ৰিক বাছ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। এই বাছসমূহে প্ৰতিদিনে তিৰুমালালৈ অহা-যোৱা কৰা অসংখ্য তীৰ্থযাত্ৰীৰ যাতায়াত অধিক সুবিধাজনক, সুৰক্ষিত আৰু পৰিৱেশ অনুকুল কৰি তুলিব।
