টিভিএছ মটৰ কোম্পানীয়ে যুৱ আৰোহীসকলৰ মাজত মটৰচাইকেলৰ আকৰ্ষণ বৃদ্ধিৰ উদ্দেশ্যে এটা নতুন স্পেকট্ৰেল গ্ৰীন ৰঙৰ মাৰ্ভেল ডক্টৰ ডুম-অনুপ্ৰাণিত ভেৰিয়েন্ট মুকলি কৰি টিভিএছ ৰাইডাৰ চুপাৰ স্কোৱাড এডিচন পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ কৰিছে। সমগ্ৰ ভাৰতৰ নিৰ্বাচিত ছবিগৃহসমূহত স্পাইডাৰ-মেন: ব্ৰেণ্ড নিউ ডে’ চলচ্চিত্ৰখন প্ৰদৰ্শনৰ পিছত মাৰ্ভেলৰ চিনেমাৰ পৰম্পৰাগত পোষ্ট-ক্ৰেডিট ৰিভিল-ৰ দৰেই এই নতুন সংস্কৰণটো মুকলি কৰা হয়।
এই শেহতীয়া চুপাৰ স্কোৱাড সংস্কৰণটোত এটা বিশেষ মাল্টি-টোন ট্ৰেভেল ফিনিচ প্ৰদান কৰা হৈছে যি সেউজীয়াৰ পৰা ব্ৰাউন ৰঙলৈ সলনি হয়, যাৰ জৰিয়তে চৰিত্ৰটোৰ আকৰ্ষণীয় ব্যক্তিত্ব প্ৰতিফলিত হৈছে। মটৰচাইকেলখনত ৰাইডাৰ ১২৫ৰ পূৰ্বৰ প্ৰদৰ্শন পেকেজসমূহ অপৰিৱৰ্তিত ৰখা হৈছে, য’ত অন্তৰ্ভুক্ত আছে থ্ৰী-ভাল্ভ ইঞ্জিন, ৮৫তকৈও অধিক সংযোজিত সুবিধাসহ কানেক্টেড ৰিভাৰ্চ এলচিডি ক্লাষ্টাৰ আৰু উন্নত এক্সিলেৰেচন তথা যাত্ৰাৰ সুবিধাৰ বাবে আইজিঅ’ এচিষ্ট প্ৰযুক্তি। বিস্তৃত টায়াৰে ৰাজপথত বাইকখনৰ ধাৰণ ক্ষমতা বৃদ্ধিৰ লগতে ইয়াৰ টপ ভেৰিয়েণ্টত অতিৰিক্ত সুৰক্ষাৰ বাবে ডুৱেল ডিস্ক ব্ৰেক আৰু ছিংগেল-চেনেল এবিএছৰ ব্যৱস্থা কৰা হৈছে।
টিভিএছ মটৰে প্ৰথমবাৰৰ বাবে ২০২৩ চনত আইৰন মেন আৰু ব্লেক পেন্থাৰৰ দ্বাৰা অনুপ্ৰাণিত ডিজাইনৰে মাৰ্ভেল-থিমযুক্ত ৰাইডাৰ চুপাৰ স্কোৱাড এডিচন মুকলি কৰিছিল। ইয়াৰ পিছত ২০২৫ চনত ডেডপুল আৰু উলভাৰিন সংস্কৰণ মুকলি কৰা হয়। এই ডক্টৰ ডুম ভেৰিয়েণ্ট হৈছে এই যৌথ সহযোগিতাৰ শেহতীয়া সংযোজন। দিল্লীত ৯৫,৩২০ টকাৰ এক্স-শ্ব’ৰুম মূল্যত এই মটৰচাইকেলখন অচিৰে অনুমোদিত টিভিএছ ডিলাৰশ্বিপত উপলব্ধ হ’ব।
গুৱাহাটী মহানগৰীত এই নতুন সংস্কৰণে চহৰখনৰ ক্ৰমবৰ্ধমান প্ৰিমিয়াম কমিউটাৰ মটৰচাইকেল খণ্ডত যুৱ ক্ৰেতা আৰু মাৰ্ভেল অনুৰাগীসকলক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। এই অঞ্চলৰ ডিলাৰসকলে বিভিন্ন ফিচাৰযুক্ত ১২5 চিচি মটৰচাইকেলৰ বৰ্ধিত চাহিদাৰ দ্বাৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। সমান্তৰালভাৱং সংযোজিত প্ৰযুক্তি, ব্যতিক্ৰমী ষ্টাইল আৰু ব্ৰেণ্ডৰ যৌথ সহযোগিতাই উত্তৰ-পূবৰ প্ৰতিযোগিতামূলক বজাৰত টিভিএছ মটৰৰ স্থিতি ধিক শক্তিশালী কৰিব পাৰে।
