আজিৰে পৰা গ্ৰাহকৰ মূৰত মাধমাৰ! পুনৰ বৃদ্ধি পালে গাখীৰৰ দাম। আমূলৰ লগতে মাদাৰ ডেইৰীৰ গাখীৰৰ দাম বৃদ্ধিৰ ফলত এতিয়া অধিক ধন ভৰিব লাগিব গ্ৰাহকে।
আমূলৰ বিভিন্ন প্ৰকাৰৰ গাখীৰৰ দাম প্ৰতি লিটাৰত ২ টকাৰ পৰা ৬ টকালৈ বৃদ্ধি কৰা হৈছে।
নতুন নিৰিখ অনুসৰি, আমূল ট’ণ্ড মিল্কৰ দাম ২ টকা বৃদ্ধি কৰা হৈছে। আনহাতে, ফুল ক্ৰীম মিল্কৰ দাম বৃদ্ধি পাইছে ৪ টকা। বাফেল’ ফুল ক্ৰীম মিল্কৰ দাম প্ৰতি লিটাৰত ৬ টকাকৈ বৃদ্ধি কৰা হৈছে।
ইফালে, মাদাৰ ডেইৰীৰ গাখীৰৰ দামো প্ৰতি লিটাৰত সৰ্বাধিক ৪ টকালৈ বৃদ্ধি কৰা হৈছে।
গাখীৰৰ দাম বৃদ্ধিৰ ফলত সাধাৰণ গ্ৰাহকৰ লগতে দৈনিক গাখীৰ ব্যৱহাৰ কৰা পৰিয়ালসমূহৰ মাহেকীয়া খৰচো বৃদ্ধি পোৱাটো নিশ্চিত।
নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ মাজতে গাখীৰৰ এই নতুন মূল্যই সাধাৰণ গ্ৰাহকক পুনৰ মাধমাৰ শোধাইছে।
