নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সৈতে যোগাযোগ ৰক্ষা আৰু ধন দাবীৰ কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত আৰক্ষীৰ জালত পৰিল এজন। তদন্তৰ ভিত্তিত অভিযান চলাই টিংখং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক।
ডিব্ৰুগড় জিলাৰ টিংখং আৰক্ষী থানাৰ অন্তৰ্গত লেঙেৰীৰ চাংমাই গাঁৱৰ বাসিন্দা মণিদীপ চাংমাই বুলি অভিযুক্তজনৰ পৰিচয় জানিব পৰা গৈছে।
আৰক্ষীৰ তথ্য অনুসৰি, নিষিদ্ধ সংগঠনটোৰ লিংকমেন হিচাপে কাম কৰাৰ লগতে ধন দাবীৰ ঘটনাৰ সৈতেও জড়িত আছিল মণিদীপ চাংমাই। এই তথ্যৰ ভিত্তিত পূৰ্বেই তেওঁৰ বিৰুদ্ধে টিংখং আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল।
তদন্ত আগবঢ়োৱাৰ পিছত আৰক্ষীয়ে অভিযুক্তজনক আটক কৰে। ভাৰতীয় ন্যায় সংহিতাৰ ৩০৮ ধাৰাৰ লগতে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ১০ আৰু ১৩ ধাৰাৰ অধীনত টিংখং আৰক্ষী থানাৰ ৪৮/২৬ নম্বৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে মণিদীপ চাংমাইক সোধা-পোছা চলায়। পিছত আদালতত হাজিৰ কৰোৱাৰ অন্তত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
