মাতৃহাৰা হ’ল বিধায়ক অখিল গগৈ। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দল বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ বুধবাৰে পুৱা দেহাৱসান ঘটে। গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে পুৱা প্ৰায় ৬:২০ বজাত ৯৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যজনিত কেইবাটোও ৰোগত আক্ৰান্ত হৈ আছিল বুলি পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়ে।
প্ৰিয়দা গগৈৰ এই বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগেই সমগ্ৰ অসমৰে ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে শুভাকাংক্ষীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰে। দল-মত নিৰ্বিশেষে বিভিন্ন ৰাজনৈতিক দলৰ নেতাই এই মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি, গুৱাহাটীৰ পৰা তেওঁৰ নশ্বৰ দেহ যোৰহাট জিলাৰ মৰিয়নীৰ সমীপৱৰ্তী চেলেনঘাটৰ নিজ গৃহলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে। তাতেই আত্মীয় আৰু পৰিয়ালৰ লোকৰ উপস্থিতিত তেওঁৰ শেষ কৃত্য সম্পন্ন কৰা হ’ব।
উল্লেখ্য যে, পুত্ৰ অখিল গগৈৰ সমগ্ৰ ৰাজনৈতিক সংগ্ৰামৰ দিনবোৰত প্ৰিয়দা গগৈয়ে এক গুৰুত্বপূৰ্ণ তথা সাহসী ভূমিকা পালন কৰিছিল। বিশেষকৈ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে অখিল গগৈ কাৰাগাৰত আছিল। সেই কঠিন সময়ছোৱাত পুত্ৰই শিৱসাগৰ সমষ্টিৰ পৰা কাৰাগাৰৰ পৰাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। নিজৰ বাৰ্ধক্যক নেওচি প্ৰিয়দা গগৈয়ে নিজেই পুত্ৰৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব কান্ধত পাতি লৈছিল আৰু শিৱসাগৰৰ ভোটাৰৰ কাষ চাপিছিল। পুত্ৰৰ কাৰামুক্তিৰ বাবে তীব্ৰ দাবী উত্থাপন কৰাৰ লগতে নিৰ্বাচনত ঐতিহাসিক জয় সাব্যস্ত কৰাৰ ক্ষেত্ৰত তেওঁ ক্লান্তিহীনভাৱে প্ৰচাৰ চলাই সমগ্ৰ ৰাজ্যৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
