বলীউড তাৰকা জাহ্নৱী কাপুৰে শ্বেয়াৰ কৰিলে চেন্নাইৰ ঐতিহ্যমণ্ডিত পাৰিবাৰিক গৃহ-এয়াৰবিএনবি

165

এয়াৰবিএনবিয়ে আজি মুকলি কৰিলে আইকনছ, যি হৈছে সংগীত, চলচ্চিত্ৰ, টেলিভিছন, শিল্প, ক্ৰীড়া আৰু অন্যান্য বহুতো ক্ষেত্ৰত বিশ্বৰ শ্ৰেষ্ঠ তাৰকাসমূহে অংশ লোৱা অসাধাৰণ অভিজ্ঞতাৰ এক নতুন শ্ৰেণী। আইকনে আপোনাক সেইবোৰ জগতৰ ভিতৰলৈ লৈ যায় যিবোৰ বৰ্তমানলৈকে আপোনাৰ বাবে আছিল কেৱল সপোন। সাধুৰ দেশত, প্ৰিন্সৰ পাৰ্পল ৰেইনৰ ঘৰত থাকিবলৈ সাজু হওক। বলীউডৰ আইকন জাহ্নৱী কাপুৰৰ সাগৰৰ পাৰৰ বাসগৃহত এদিন কটাওক। এয়াৰবিএনবিয়ে আজি প্ৰথমে ১১টা আইকনছে মুকলি কৰিলে, যি সমগ্ৰ বছৰজুৰি বিশ্বৰ নতুন নতুন অভিজ্ঞতাৰ সোৱাদ লাভ কৰিব।

বলীউডৰ ছুপাৰষ্টাৰ জাহ্নৱী কাপুৰে প্ৰথমবাৰলৈ উন্মোচন কৰি নিজৰ অভিজ্ঞতা আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰিছে। এই অনুভূতি আন অভিজ্ঞতাৰ দৰে নহয়, এই পৰিৱেশনে চেন্নাইত থকা পৰিয়ালৰ বাগিচাৰ নতুন দুৱাৰ মুকলি কৰিছে। ৰূপালী পৰ্দাত মনোমোহা অভিনয়ৰ বাবে পৰিচিত জাহ্নৱীয়ে এই বিশেষ প্ৰচাৰ অভিযানৰ অংশ হিচাপে নিজৰ উপকূলীয় বাসস্থানত দুটা ছেটত দুজনকৈ অতিথিক আদৰণি জনাব।

প্ৰায় চাৰি একৰ নিস্তব্ধ বীচ্চ্ফ্ৰণ্ট(সাগৰৰ মুখ)ত অৱস্থিত জাহ্নৱী কাপুৰৰ উপকূলীয় ঘৰটো হৈছে শান্তি আৰু আৱেগৰ প্ৰতীক। এই ঘৰটোত জাহ্নৱীৰ আপোন পৰিয়ালৰ সৈতে কটোৱা বহু শৈশৱৰ গ্ৰীষ্মকালৰ স্মৃতি জড়িত হৈ আছে আৰু এই আৱাসগৃহলৈ এয়াৰবিএনবিৰ অতিথিসকলক এই অভিজ্ঞতা লাভ কৰিবলৈ সকলোকে আমন্ত্ৰণ জনাইছে। ঘৰৰ ভিতৰভাগৰ ভিতৰত আছে আকৰ্ষণীয় ড্ৰয়িং ৰূম, ডাইনিং এৰিয়া, জাহ্নৱীৰ ড্ৰেছিং ৰুম আৰু মাষ্টাৰ বেডৰুম। ”এয়াৰবিএনবিৰ আইকনছ কেটেগৰীৰ অংশ হ’বলৈ পাই মই আনন্দিত হৈছোঁ আৰু এয়াৰবিএনবিৰ অতিথিসকলক ঘৰলৈ আদৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ।”-এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰে জাহ্নৱী কাপুৰে।