আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মহানগৰীৰ জিএছ ৰোডৰ ২৩আৰু ৩৬নং পথত কেবল বিদ্যু আৰু চিএনজি চালিব বাছহে চলিব। এই সন্দৰ্ভত সকলো ব্যৱস্থা গ্ৰহণৰ বাবে আজি আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব আৰু সহকাৰী পৰিবহণ আয়ুক্ত তামচিন আফটাবৰ তত্ত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সভাগৃহত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত অতিৰিক্ত আয়ুক্ত (পৰিবহণ) অজিত কুমাৰ শৰ্মা, পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস, অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য প্ৰৱন্ধক বিজু ডেকা, এচিপি ট্ৰেফিক(২) দীপজ্যোতি দাধৰা, এচিপি ট্ৰেফিক(৩) প্ৰিয়া বড়ো, প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ আৰু গুৱাহাটী মহানগৰ পৰিবহণ সংস্থাৰ বিভিন্ন সদস্যসকলৰ লগতে সংস্থাৰ অধীনৰ ২৩ আৰু ৩৬নং পথৰ ডিজেল চালিত চিটিবাছৰ মালিকসকল উপস্থিত থাকে। সভাত আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব তামচিন আফটাবে আগন্তুক জানুৱাৰী মাহৰ পৰা জিএছ ৰোডৰ ২৩আৰু ৩৬নং পথত কেবল বিদ্যু-চিএনজি চালিত বাছ চলাচলৰ কথা ঘোষণা কৰে। ইয়াৰ লগেলগে পথদুটা সম্পূৰ্ণ “গ্ৰীণ ৰোড” হিচাপে পৰিগণিত হ’ব বুলিও তেওঁ কয়। আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ যোৱা এপ্ৰিল মাহৰ এখন সভাত জিলা আয়ুক্ত সুমিত সাত্তাৱানৰ অধ্যক্ষতাত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা তেওঁ কয়। সেই অনুসৰি জিএছ ৰোডৰ ২৩আৰু ৩৬নং পথত চলা ডিজেল চালিত বাহনসমূহ জানুৱাৰী মাহৰ আগতে মহানগৰীৰ আন পথলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিবলৈ বাহনৰ গৰাকীৰ প্ৰতি তেওঁ আহ্বান জনায়। অৱশ্যে একে ৰোডতে যদি সেই বাহনসমূহ চলাব বিচাৰে তেন্তে সেইসমূহ বাহন CNG কিট লগাই চলাব পাৰিব বুলিও কোৱা হয়।
সভাত উপস্থিতি থাকি অতিৰিক্ত আয়ুক্ত (পৰিবহণ) অজিত কুমাৰ শৰ্মাই আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীয়ে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বাহনৰ গৰাকী তথা গুৱাহাটী মহানগৰ পৰিবহণ সংস্থাৰ কৰ্মকৰ্তা সকলক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থাকি পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে জিএছ ৰোডৰ ২৩ আৰু ৩৬নং পথ দুটা আগন্তুক দিনত “গ্ৰীন ৰোড” হিচাপে গঢ়ি তুলি যানজঁট হ্ৰাস কৰাৰ লগতে যান-বাহন প্ৰদূষণমুক্ত পথ হিচাপে সকলো শ্ৰেণীৰ লোকৰ যাতাযাত সুৰক্ষিত আৰু পৰিৱেশ অনুকূল কৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰে । তেওঁ কয় যে অনাগত দিনত এই গ্ৰীণ ৰোডে মহানগৰখনৰ লগতে ৰাজ্যবাসীৰ সুচল যাতায়াতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ গুৱাহাটী মহানগৰীত যিহেতু প্ৰতিদিনে ১১লাখতকৈয়ো অধিক যানবাহন চলাচল কৰে এনেক্ষেত্ৰত মহানগৰীৰ পৰিসৰ গুৱাহাটীৰ পৰা জাগীৰোড, গুৱাহাটীৰ পৰা বিজয়নগৰ, গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি, হাজো-শুৱালকুছিৰ কাষৰীয়া অঞ্চললৈ চিটিবাছৰ সেৱা সম্প্ৰসাৰণ কৰিবলৈ তেওঁ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীক আহ্বান জনায়। ইফালে সভাত উপস্থিত থাকি অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য প্ৰৱন্ধক বিজু ডেকাই বাহনত চিএন জি কিট ব্যৱহাৰত ল’বলগীয়া বিভিন্ন ব্যৱস্থা আৰু পৰিচালন ব্যয় সন্দৰ্ভত ব্যক্তব্য আগবঢ়াই ৷ সভাৰ শেষত আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব তামচিন আফটাবে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণত কিবা অসুবিধাৰ সন্মুখীন হ’লে সেইসমূহ লিখিত আকাৰে আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিবৰ কাৰ্যালয়ত জমা দিবলৈ অনুৰোধ জনায়।ইঃ আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মহানগৰীৰ জিএছ ৰোডৰ ২৩আৰু ৩৬নং পথত কেবল বিদ্যু আৰু চিএনজি চালিব বাছহে চলিব। এই সন্দৰ্ভত সকলো ব্যৱস্থা গ্ৰহণৰ বাবে আজি আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব আৰু সহকাৰী পৰিবহণ আয়ুক্ত তামচিন আফটাবৰ তত্ত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সভাগৃহত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত অতিৰিক্ত আয়ুক্ত (পৰিবহণ) অজিত কুমাৰ শৰ্মা, পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস, অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য প্ৰৱন্ধক বিজু ডেকা, এচিপি ট্ৰেফিক(২) দীপজ্যোতি দাধৰা, এচিপি ট্ৰেফিক(৩) প্ৰিয়া বড়ো, প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ আৰু গুৱাহাটী মহানগৰ পৰিবহণ সংস্থাৰ বিভিন্ন সদস্যসকলৰ লগতে সংস্থাৰ অধীনৰ ২৩ আৰু ৩৬নং পথৰ ডিজেল চালিত চিটিবাছৰ মালিকসকল উপস্থিত থাকে। সভাত আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব তামচিন আফটাবে আগন্তুক জানুৱাৰী মাহৰ পৰা জিএছ ৰোডৰ ২৩আৰু ৩৬নং পথত কেবল বিদ্যু-চিএনজি চালিত বাছ চলাচলৰ কথা ঘোষণা কৰে। ইয়াৰ লগেলগে পথদুটা সম্পূৰ্ণ “গ্ৰীণ ৰোড” হিচাপে পৰিগণিত হ’ব বুলিও তেওঁ কয়।
আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ যোৱা এপ্ৰিল মাহৰ এখন সভাত জিলা আয়ুক্ত সুমিত সাত্তাৱানৰ অধ্যক্ষতাত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা তেওঁ কয়। সেই অনুসৰি জিএছ ৰোডৰ ২৩আৰু ৩৬নং পথত চলা ডিজেল চালিত বাহনসমূহ জানুৱাৰী মাহৰ আগতে মহানগৰীৰ আন পথলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিবলৈ বাহনৰ গৰাকীৰ প্ৰতি তেওঁ আহ্বান জনায়। অৱশ্যে একে ৰোডতে যদি সেই বাহনসমূহ চলাব বিচাৰে তেন্তে সেইসমূহ বাহন CNG কিট লগাই চলাব পাৰিব বুলিও কোৱা হয় । সভাত উপস্থিতি থাকি অতিৰিক্ত আয়ুক্ত (পৰিবহণ) অজিত কুমাৰ শৰ্মাই আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীয়ে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বাহনৰ গৰাকী তথা গুৱাহাটী মহানগৰ পৰিবহণ সংস্থাৰ কৰ্মকৰ্তা সকলক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থাকি পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে জিএছ ৰোডৰ ২৩ আৰু ৩৬নং পথ দুটা আগন্তুক দিনত “গ্ৰীন ৰোড” হিচাপে গঢ়ি তুলি যানজঁট হ্ৰাস কৰাৰ লগতে যান-বাহন প্ৰদূষণমুক্ত পথ হিচাপে সকলো শ্ৰেণীৰ লোকৰ যাতাযাত সুৰক্ষিত আৰু পৰিৱেশ অনুকূল কৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰে । তেওঁ কয় যে অনাগত দিনত এই গ্ৰীণ ৰোডে মহানগৰখনৰ লগতে ৰাজ্যবাসীৰ সুচল যাতায়াতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ গুৱাহাটী মহানগৰীত যিহেতু প্ৰতিদিনে ১১লাখতকৈয়ো অধিক যানবাহন চলাচল কৰে এনেক্ষেত্ৰত মহানগৰীৰ পৰিসৰ গুৱাহাটীৰ পৰা জাগীৰোড, গুৱাহাটীৰ পৰা বিজয়নগৰ, গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি, হাজো-শুৱালকুছিৰ কাষৰীয়া অঞ্চললৈ চিটিবাছৰ সেৱা সম্প্ৰসাৰণ কৰিবলৈ তেওঁ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীক আহ্বান জনায়। ইফালে সভাত উপস্থিত থাকি অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য প্ৰৱন্ধক বিজু ডেকাই বাহনত চিএন জি কিট ব্যৱহাৰত ল’বলগীয়া বিভিন্ন ব্যৱস্থা আৰু পৰিচালন ব্যয় সন্দৰ্ভত ব্যক্তব্য আগবঢ়াই ৷ সভাৰ শেষত আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব তামচিন আফটাবে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণত কিবা অসুবিধাৰ সন্মুখীন হ’লে সেইসমূহ লিখিত আকাৰে আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিবৰ কাৰ্যালয়ত জমা দিবলৈ অনুৰোধ জনায়।
